প্ৰেমৰ পৰিণতি! দুই প্ৰেয়সীক একেলগে পত্নীৰ মৰ্যাদা প্ৰদান কৰি বিয়াত বহিল যুৱক…

নিউজ ডেস্ক। দুই যুৱতীৰ সৈতে গোপন প্ৰেম!
তাৰ পিছত দুয়োগৰাকী যুৱতীৰ সৈতে একেলগে বিয়াত বহিল এজন যুৱক। বৰমালা পিন্ধাই পত্নীৰ মৰ্যাদা প্ৰদান কৰি দুয়োগৰাকী যুৱতীক লৈ গ’ল ঘৰলৈ।
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এনে এখন বিবাহৰ কাহিনী।
চিনেমা চিনেমা লগা এই কাহিনী বাস্তৱত সংঘটিত হৈছে বাংলাদেশৰ পঞ্চগড় জিলাত।

জিলাখনৰ আতৱাৰী উপজিলাৰ বলৰামপুৰ ইউনিয়নৰ লখিদৱাৰ গাঁৱৰ এজন হিন্দু যুৱকে একেলগে বিবাহ পাশত আৱদ্ধ হয় দুগৰাকী প্ৰেমিকাৰ সৈতে।
যোৱা বুধবাৰে সম্পন্ন হৈ গৈছে এই চৰ্চিত বিবাহখন।
জানিব পৰা মতে, যামিনী চন্দ্ৰ বৰ্মনৰ পুত্ৰ ৰোহণী চন্দ্ৰ বৰ্মন ৰণী নামৰ ২৫ বছৰীয়া যুৱকজনৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল বলৰামপুৰ ইউনিয়নৰ গাঠিয়াপাৰা অঞ্চলৰ গিৰীশ চন্দ্ৰৰ কন্যা ইতি ৰাণী (২০)ৰ।

দীৰ্ঘদিনীয়া প্ৰেমক দুয়ো বৈবাহিক মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত লয়।
সেই অনুসৰি প্ৰায় ৫ মাহ পূৰ্বে ৰোহিণী আৰু ৰাণীয়ে মন্দিৰত অনানুষ্ঠানিকভাৱে সম্পন্ন কৰে তেওঁলোকৰ বিবাহখন। অৱশ্যে পাৰিবাৰিক কাৰণত দুয়ো এই বিবাহৰ কথা গোপনে ৰাখে।
ইয়াৰ মাজতে ৰোহিণীৰ প্ৰেম হয় লক্ষ্মীদৱাৰ গাঁৱৰ টোনো কিশোৰ ৰয়ৰ কন্যা মমতা ৰাণী (১৮)ৰ সৈতে। ১২ এপ্ৰিলৰ নিশা ৰোহিণীয়ে প্ৰেয়সী মমতাক লগ কৰিবলৈ যোৱাৰ সময়তে মমতাৰ পৰিয়ালে যুৱকজনক আটক কৰে আৰু সামাজিক বিচাৰৰ পিছত ৰোহিনীৰ হাতত গতাই দিয়ে মমতাক।
ইফালে এই খবৰ লাভ কৰাৰ পিছতে ৰোহণীৰ প্ৰথম প্ৰেমিকা ইতি ৰাণী যুৱকজনৰ ঘৰত উপস্থিত হয় আৰু তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক তথা বিবাহৰ সকলো কথা খুলি কয়। আৰু তাৰ পিছতে তিনিওটা পৰিয়ালে মিলি বিবাহ সম্পন্ন কৰে ইতি ৰাণী, মমতা ৰাণী আৰু ৰোহিণী চন্দ্ৰ বৰ্মনৰ বিবাহখন।
ৰোহিণীৰ পিতৃ যামিনী চন্দ্ৰ বৰ্মনে কয়, “দুয়োকে একেলগে ঘৰলৈ লৈ যোৱাত কাৰো কোনো আপত্তি নাছিল। কিন্তু যিহেতু মই আগৰ বিবাহৰ বিষয়ে নাজানিছিলো, সেই বাবে মই তেওঁলোকৰ বিবাহৰ পুনৰ ব্যৱস্থা কৰিছিলো।’’
ইতি ৰাণীৰ পিতৃ গিৰীশ চন্দ্ৰই কয়, “এই বিষয়ে আমাৰ কোনো অভিযোগ নাই। ৰোহিণীৰ ঘৰত আনুষ্ঠানিক বিবাহত তিনিওটা পৰিয়াল উপস্থিত আছিলোঁ। আমাৰ কাৰো কোনো আপত্তি নাই।’’
আটাইকেইটা পৰিয়ালৰ মত সাপেক্ষে সম্পন্ন হোৱা এই বিবাহখনক লৈ এতিয়া সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হৈছে। প্ৰেমৰ বান্ধোনত বান্ধ খাই দুগৰাকী যুৱতীক আঁকোৱালি ল’বলগীয়া হোৱা ৰোহিণীৰ কাহিনীয়ে বেচ আমোদ দিছে নেটিজেনক।
লগতে চাওকঃ
