
নিউজ ডেস্কঃ বিশ্বখ্যাত তাজমহলৰ ইতিহাসক লৈ নানান গল্প-আলোচনা আৰু বিতৰ্ক অব্যাহত থকাৰ মাজতে এইবাৰ উত্থাপন হ’ল কৰ ফাঁকিৰ অভিযোগ।
তাজমহৰ বকেয়া কৰ পৰিশোধ কৰিবলৈ জাননী জাৰি কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে।
তাজমহলৰ ৩৭০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে সংঘটিত এই ঘটনাই এতিয়া আশ্বৰ্যচকিত কৰিছে সকলোকে।
যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰৰ বিভিন্ন বিভাগে তাজমহল আৰু আগ্ৰা দুৰ্গ দুয়োটাকে বাকী থকা বিলৰ বাবে জাননী প্ৰদান কৰিছে।
এএছআইৰ অধীক্ষক প্ৰত্নতত্ববিদ ৰাজ কুমাৰ পেটেলে জানিবলৈ দিয়া মতে, এই পৰ্যন্ত ৩ খন জাননী লাভ হৈছে তাজমহল আৰু আগ্ৰা দুৰ্গৰ বাবে।
জানিব পৰা মতে, তাজমহলৰ সম্পত্তি কৰ বিচাৰি আৰু জল কৰ বিচাৰি দুখনকৈ জাননী জাৰি কৰা হৈছে। যাৰ বাবদ ১ কোটিৰো অধিক টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
অৱশ্যে পৰৱৰ্তী সময়ত আগ্ৰা প্ৰশাসনে এই জাননী ভুলবশতঃ প্ৰেৰণ কৰা বুলি প্ৰকাশ কৰিছে।
আগ্ৰা প্ৰশাসনে দাবী কৰা মতে, জাননী প্ৰেৰণৰ দায়িত্ব এটা ব্যক্তিগত প্ৰতিষ্ঠানক প্ৰদান কৰা হৈছিল। আৰু সেই প্ৰতিষ্ঠানটোৰ ভুলৰ বাবে তাজমহলৈ জাননী প্ৰেৰণ কৰা হয়।