প্ৰেমিকক বিচাৰি অবৈধভাৱে কাঁইটীয়া তাঁৰ পাৰ হৈ ভাৰতত প্ৰৱেশ প্ৰেয়সীৰ, তাৰ পাছত…

অমৰ প্ৰেমৰ অনেক কাহিনী হয়তো আপুনি শুনিছে। হীৰ-ৰানজা, ৰোমিঅ’-জুলিয়েট, ছোনি-মাহীৱালৰ প্ৰেম কাহিনী আপুনি হয়তো জানে। কিন্তু প্ৰেমৰ বাবেই দুখন দেশৰ মাজৰ কাঁইটীয়া বেৰ পাৰ হৈ অহা প্ৰেমিকাৰ কাহিনী হয়তো আপুনি পূৰ্বে কেতিয়াও শুনা নাই।

হয়, সঁচা প্ৰেমে কোনো বাধাই যেন নামানে। দুখন দেশৰ মাজত থকা বাধাক পাৰ কৰি কোচবিহাৰৰ তুফানগঞ্জৰ এজন যুৱকৰ প্ৰেমত পৰিছিল বাংলাদেশৰ এগৰাকী যুৱতী। প্ৰায় ছমাহ পূৰ্বে ছ’চিয়েল মিডিয়াযোগে আৰম্ভ হোৱা দুয়োৰে প্ৰেম লাহে লাহে চৰম ৰূপ লয়।
যাৰ বাবে অৱশেষত দুই দেশৰ মাজৰ বিশাল কাঁইটীয়া বেৰ অবৈধভাৱে পাৰ কৰি বাংলাদেশৰ বগুড়া জিলাৰ পৰা ভাৰতত প্ৰৱেশ কৰে প্ৰেমিকা আৱছানাই।

কিন্তু ভাৰতত অবৈধ প্ৰৱেশ কৰা যুৱতীগৰাকীক বাংলাদেশ সীমান্তৰ দিঘলচাৰীত সীমা সুৰক্ষা বাহিনীৰ 129 নং বাহিনীয়ে আটক কৰে।
সীমান্ত সুৰক্ষা বাহিনীয়ে আৱছানাক পিছত সাহেৱগঞ্জ আৰক্ষীক গতাই দিয়ে। বংগ আৰক্ষীয়ে সোমবাৰে ধৃত যুৱতী গৰাকীক দিনহাটা মহকুমা স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰি দিনহাটা মহকুমা আদালতত হাজিৰ কৰোৱায়। আদালতে যুৱতী গৰাকীক চৈধ্য দিনৰ বাবে জেল হাজোলৈ প্ৰেৰণ কৰিছে।
অৱশ্যে আৱছানাৰ ভাৰতীয় প্ৰেমিকৰ এতিয়াও কোনো সন্ধান ওলোৱা নাই। বাংলাদেশী প্ৰেয়সীয়ে যুৱকজনৰ ঘৰ তুফানগঞ্জত বুলি দাবী কৰিলেও এতিয়াও পোহৰলৈ অহা নাই প্ৰেমিকৰ নাম-পৰিচয়।
কিন্তু কাঁইটীয়া তাৰৰ দুটা দিশৰ এই প্ৰেম কাহিনীয়ে এতিয়া তীব্ৰ চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।
লগতে চাওকঃ
মোৰ পুত্ৰ যিদৰে হেৰাই গৈছে, তাৰ হত্যাকাৰীসকলো তেনেদৰে হেৰাই যোৱাটো বিচাৰোঃ অনিমেষৰ মাতৃ
