নিউজ ডেস্কঃ ডেটিং এপযোগে চিনাকি হোৱা ‘অচিনাকী’ প্ৰেমিকাৰ নামত এগৰাকী বেংক মেনেজাৰে খৰছ কৰিলে গ্ৰাহকৰ সঞ্চিত ৫ কোটিৰো অধিক টকা! এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুত।
বাংগালুৰুৰ হনুমত্ত নগৰত থকা ইণ্ডিয়ান বেংকৰ শাখা কাৰ্যালয়ৰ প্ৰৱন্ধক হৰিশংকৰে অনলাইন ডেটিং এপৰ জৰিয়তে চিনাকি হোৱা প্ৰেয়সীৰ নামত বেংকৰ কোটি কোটি টকা খৰছ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শাখা প্ৰৱন্ধক হৰিশংকৰ।

জানিব পৰা মতে, ৪ মাহ পূৰ্বে এগৰাকী যুৱতীৰ সৈতে অনলাইন ডেটিং এপ এটাৰ জৰিয়তে পৰিচয় ঘটিছিল হৰিশংকৰৰ। কাহানিও বাস্তৱত থকা প্ৰেয়সীৰ প্ৰেমত হাবুডুবু খাই প্ৰেমৰ সকলো দাবী বিনাস্বৰ্তই মানি লৈ আহিছিল বেংক মেনেজাৰ হৰিশংকৰে।
বিগত ৪ মাহত প্ৰেয়সীৰ দাবী মানি অলপ অলপকৈ বেংকত জমা থকা গ্ৰাহকৰ ধন অচিনাকি যুৱতীগৰাকীৰ একাউণ্টত জমা কৰি আহিছিল হৰিশংকৰে। এনেদৰে বেংক মেনেজাৰ জনে বেংকৰ ৫.৭ কোটি টকা প্ৰদান কৰে অচিনাকি প্ৰেয়সীক।

ইফালে এই সন্দৰ্ভত বেংক কৰ্তৃপক্ষ অৱগত হোৱাৰ পিছতে হৰিশংকৰৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপে। তাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হৰিশংকৰ নামৰ শাখা প্ৰৱন্ধকজনক।
প্ৰেমত হাবুডুবু খাই এজন বেংক মেনেজাৰে বেংকত সঞ্চিত গ্ৰাহকৰ ধন প্ৰেয়সীক প্ৰদান কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।