প্ৰীতিভোজ খাবলৈ গৈ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটিলে ৰাহুলে

নিউজ ডেস্ক। পুনৰ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে এগৰাকী কিশােৰে।

বান্ধৱীৰ ঘৰত প্ৰীতিভোজ খাবলৈ গৈ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাবটিলে ৰাহুল সন্দিকৈ নামৰ ১৭ বছৰীয়া কিশােৰজনে।

মৃত ৰাহুল সন্দিকৈ বিশ্বনাথৰ হেলেমৰ ঘাহিগাঁও পানী যােগান আঁচনিৰ কৰ্মচাৰী নিৰ্মল সন্দিকৈৰ পুত্ৰ।

G01

জানিব পৰা মতে, বিশ্বনাথৰ হেলেমৰ কাউৰী পথাৰত বান্ধৱীৰ ঘৰত বন্ধুৰ সৈতে প্ৰীতিভোজ খাবলৈ গৈছিল ৰাহুল। কিন্তু দুৰ্ভাগ্যবশতঃ ঘৰলৈ ওভতাৰ পথত পথ দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাবটিলে কিশােৰজনে।

গহপুৰৰ জ্ঞানভাৰতী স্কুলৰ মেধাৱী ছাত্ৰ ৰাহুল একাদশ শ্ৰেণীত অধ্যয়নৰত আছিল।

শনিবাৰে আবেলি ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৰাহুলক উন্নত চিকিৎসাৰ বাবে কেইবাখনো চিকিৎসালয়লৈ নিয়া হয় যদিও পৰৱৰ্তী সময়ত জি এম চি এইচলৈ নিয়াৰ পথত কৰুণ মৃত্যুক সাবটি লয় বুলি জানিব পৰা গৈছে।

ইতিমধ্যে মেধাৱী ছাত্ৰজনৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

লগতে চাওকঃ

প্ৰেমিকক বিচাৰি অবৈধভাৱে কাঁইটীয়া তাঁৰ পাৰ হৈ ভাৰতত প্ৰৱেশ প্ৰেয়সীৰ, তাৰ পাছত…

G3

কঠােৰ আৰক্ষী! ক’ভিডৰ ভেকচিন নোলোৱা যাত্ৰীক বাছৰ পৰা নমালে আৰক্ষীয়ে, বিহিলে জৰিমনা

G5

Leave a Comment