প্ৰিয় ট্ৰেক্টৰখনত উঠাই নিজ গাঁৱত শেষ বিদায় জনোৱা হ’ল কণ্ঠশিল্পী সিদ্ধু মুছেৱালাক! এই গাঁৱৰ পথাৰতে মৃত্যুৰ এদিন পূৰ্বে বাইছিল হাল

নিউজ ডেস্কঃ অকালতে হেৰাই যোৱা এটা ভোটাতৰা চাবলৈ আজি জনসমূদ্ৰৰ সৃষ্টি হ’ল পঞ্জাৱৰ মুছা গাঁৱত। লাখ লাখ অনুৰাগীয়ে প্ৰিয় শিল্পীগৰাকীক শেষবাৰৰ বাবে বিদায় জনাবলৈ ভিৰ কৰে গাঁওখনত।

image 201
প্ৰিয় ট্ৰেক্টৰখনত উঠাই নিজ গাঁৱত শেষ বিদায় জনোৱা হ’ল কণ্ঠশিল্পী সিদ্ধু মুছেৱালাক! এই গাঁৱৰ পথাৰতে মৃত্যুৰ এদিন পূৰ্বে বাইছিল হাল 5

উল্লেখ্য যে, যোৱা ২৯ মে’ত দুৰ্বৃত্তৰ গুলীয়ে থকাসৰকা কৰিছিল জনপ্ৰিয় কণ্ঠশিল্পী তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাক। গাড়ীৰে গৈ থকা অৱস্থাত দুৰ্বৃত্তই কণ্ঠশিল্পীগৰাকীলৈ লক্ষ্য কৰি চলাইছিল ২০ জাইৰো অধিক গুলী। যাৰ ফলত অকালতে মৃত্যুক সাৱটিবলগীয়া হৈছিল ২৮ বৰ্ষীয় শিল্পীগৰাকীয়ে।

image 198
প্ৰিয় ট্ৰেক্টৰখনত উঠাই নিজ গাঁৱত শেষ বিদায় জনোৱা হ’ল কণ্ঠশিল্পী সিদ্ধু মুছেৱালাক! এই গাঁৱৰ পথাৰতে মৃত্যুৰ এদিন পূৰ্বে বাইছিল হাল 6

পঞ্জাৱৰ লগতে সমগ্ৰ ভাৰতৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ এনে অকাল মৃত্যুৱে শোকৰ বন্যা নমাইছে তেওঁৰ লক্ষ লক্ষ অনুৰাগীৰ মাজত। মঙলবাৰে পুৱা সিদ্ধু মুছেৱালাৰ নশ্বৰ দেহ লৈ অনা হয় তেওঁৰ জন্মভূমি মুছা গাঁৱলৈ।

image 200
প্ৰিয় ট্ৰেক্টৰখনত উঠাই নিজ গাঁৱত শেষ বিদায় জনোৱা হ’ল কণ্ঠশিল্পী সিদ্ধু মুছেৱালাক! এই গাঁৱৰ পথাৰতে মৃত্যুৰ এদিন পূৰ্বে বাইছিল হাল 7

নিজৰ গাঁওখন যথেষ্ট ভাল পাইছিল সিদ্ধুৱে। সেইবাবে তেওঁ নিজৰ নামৰ পিছত নিজৰ গাঁওখনৰ নামো লগাইছিল। আনহাতে সিদ্ধুৰ আটাইতকৈ প্ৰিয় পুস্পসজ্জিত ৫৯১১ ট্ৰেক্টৰত উঠাই আজি শেষ বিদায় জনোৱা হয় জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক।

গাঁৱৰ যিখন পথাৰত মৃত্যুৰ মাত্ৰ এদিন পূৰ্বে সিদ্ধুৱে ট্ৰেক্টৰেৰে হাল বাইছিল, সেই পথাৰখনলৈও মঙলবাৰে লৈ যোৱা হয় কন্ঠশিল্পীগৰাকীৰ নশ্বৰ দেহ। সেই সময়ত প্ৰিয় শিল্পীগৰাকীক শেষবাৰৰ বাবে চাবলৈ ভিৰ কৰে অলেখ অনুৰাগীয়ে।

image 199
প্ৰিয় ট্ৰেক্টৰখনত উঠাই নিজ গাঁৱত শেষ বিদায় জনোৱা হ’ল কণ্ঠশিল্পী সিদ্ধু মুছেৱালাক! এই গাঁৱৰ পথাৰতে মৃত্যুৰ এদিন পূৰ্বে বাইছিল হাল 8

উল্লেখ্য যে, অহা নৱেম্বৰত বিয়াত বহাৰ কথা আছিল সিদ্ধু মুছেৱালা। ইয়াৰ পূৰ্বে এপ্ৰিলতে তেওঁলোকৰ বিবাহ সম্পন্ন হোৱাৰ কথা আছিল যদিও পঞ্জাৱৰ নিৰ্বাচনৰ বাবে বিয়াৰ তাৰিখ পিছুৱাই দিয়া হৈছিল।

২৮ বৰ্ষীয় কণ্ঠশিল্পীগৰাকীয়ে পঞ্জাৱ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও বৰ্তমানৰ আপ চৰকাৰৰ নিলম্বিত স্বাস্থ্যমন্ত্ৰী বিজয় সিংলাৰ হাতত তেওঁ পৰাস্ত হৈছিল।

Leave a Comment