প্ৰিয়ংকা গান্ধী ভাদ্ৰা এতিয়া আৰু গান্ধী পৰিয়ালৰ সদস্য নহয়, তেঁৱেই কংগ্ৰেছৰ অধ্যক্ষ হ’ব লাগেঃ সাংসদ আব্দুল খালেক

নিউজ ডেস্কঃ প্ৰিয়ংকা গান্ধী ভাদ্ৰা এতিয়া গান্ধী পৰিয়ালৰ সদস্য নহয়, তেঁৱেই কংগ্ৰেছৰ পৰৱৰ্তী অধ্যক্ষা হ’ব লাগে। – এই মন্তব্য কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ।

কংগ্ৰেছৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ বাচনিক লৈ তীব্ৰ চৰ্চা অব্যাহত থকাৰ সময়তে প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ হাতত দলটোৰ বাঘজৰী তুলি দিয়াৰ পোষকতা আব্দুল খালেকৰ।

তেওঁৰ কয় যে ভাৰতীয় সভ্যতা অনুসৰি, এগৰাকী জীয়াৰি যেতিয়া বিয়া হৈ ওলাই যায়, তাৰ পিছত আৰু তেওঁ পিতৃ পৰিয়ালৰ সদস্য হৈ নাথাকে।

প্ৰিয়ংকা গান্ধীও এতিয়া গান্ধী পৰিয়ালৰ সদস্য নহয়। গতিকে তেঁৱেই কংগ্ৰেছৰ অধ্যক্ষ হব লাগে।

কংগ্ৰেছৰ উত্থানৰ বাবে প্ৰিয়ংকা গান্ধী অধ্যক্ষ হোৱাটো জৰুৰী বুলিও মন্তব্য কৰে সাংসদ আব্দুল খালেকে।

উল্লেখ্য যে, ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ নেতৃত্ব গ্ৰহণ নকৰাৰ বিষয়ে ইতিমধ্যে ঘোষণা কৰিছে।

লগতে এইবাৰ কংগ্ৰেছৰ অধ্যক্ষ গান্ধী পৰিয়ালৰ বাহিৰাৰ পৰা হ’ব বুলিও ইতিমধ্যে স্পষ্ট ইংগিত প্ৰদান কৰিছে ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীয়ে।