প্ৰায় ১੦ কােটি টকা মূল্যৰ ড্ৰাগছসহ অসমৰ দুজন বাসিন্দাক আটক মিজোৰামত

নিউজ ডেস্ক। ড্ৰাগছ সৰবৰাহৰে জড়িত লোকক গ্ৰেপ্তাৰ। প্ৰায় ১০ কোটি মূল্যৰ মেথ টেবলেট সহ মিজোৰামত গ্ৰেপ্তাৰ কৰা হয় অসমৰ দুজনক।

দুয়োকে গ্ৰেপ্তাৰ কৰা হয় মিজোৰামৰ ৰাজধানী আইজলত।

শুকুৰবাৰে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, তেওঁলোকে এখন ট্ৰাকত আহিছিল।

তালাচীৰ সময়ত ট্ৰাকৰ পৰা ৫০ কিলোগ্ৰাম মেথ টেবলেট উদ্ধাৰ কৰা হয়। ট্ৰাকত অহা দুয়োকে গ্ৰেপ্তাৰ কৰা হয়।

গ্ৰেপ্তাৰ কৰা দুয়ো মণ্টো কুমাৰ দেৱ (৪৫) আৰু সুভাষ দাস (৩৩)। দুয়ো কৰিমগঞ্জ জিলাৰ বাসিন্দা। বৃহস্পতিবাৰে সন্ধিয়া আইজলৰ চাইৰাং গাঁৱত দুয়োকে গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীয়ে লগতে কয় যে, এই সন্দৰ্ভত Narcotic Drugs and Psychotropic Substances Act, 1985 ৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰা হৈছে। আৰু অধিক তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে।

Leave a Comment