প্ৰাক্তন IPS বিষয়া ডঃ চৈবাম ইবছা সিঙৰ ক’ভিড-১৯ত মৃত্যু

নিউজ ডেস্ক। মণিপুৰৰ অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া তথা ৰাজ্যিক তথ্য আয়ুক্ত ড° চৈবাম ইবছা সিঙৰ মৃত্যু।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ।

জানিব পৰা মতে, ক’ভিড-১৯ত আক্ৰান্ত হৈ দেওবাৰে মৃত্যুবৰণ কৰে প্ৰাক্তন আই পি এছ বিষয়া গৰাকীয়ে।

তেখেতে ১৯৫৮ চনত জন্ম গ্ৰহণ কৰিছিল মণিপুৰৰ ইম্ফল ইষ্ট জিলাৰ চৈবাম লেইকাই অঞ্চলত।

১৯৮৩ চনত তেওঁ মণিপুৰ আৰক্ষী সেৱাৰ বিষয়া হিচাপে যোগদান কৰিছিল। তাৰ পূৰ্বে তেওঁ ১৯৭৯-১৯৮৩ লৈকে মহাৰাজা বোধচন্দ্ৰ কলেজৰ প্ৰবক্তা হিচাপে কৰ্মৰত আছিল।

আৰক্ষী বিভাগত কৰ্মৰত অৱস্থাত তেওঁ ইম্ফল ৱেষ্ট, থৌবাল, বিষ্ণুপুৰ, চুৰা-ছন্দপুৰ আৰু সেনাপতিত আৰক্ষী অধীক্ষক হিচাপে সেৱা আগবঢ়াইছিল। আৰু ২০১৮ চনত তেওঁ মহাপৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

তেওঁ আৰক্ষী বিভাগলৈ উল্লেখনীয় অৱদান আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল।

আৰক্ষী সেৱাৰ পৰা অৱসৰৰ পিছত তেওঁক ২০১৮ চনৰ ২২ অক্টোবৰত মণিপুৰৰ তদানীন্তন ৰাজ্যপাল ড° নাজমা হেপটুল্লাই ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে নিযুক্তি দিছিল।

উল্লেখ্য যে ড° চৈবাম ইবছা বহু প্ৰতিভাসম্পন্ন তথা ব্যক্তিত্বৰ অধিকাৰী আছিল।

সাহিত্যৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সাহিত্য অকাডেমি অনুবাদ বঁটা, ৰাজ্যিক সাহিত্য বঁটা, ৰাজ্যিক কলা অকাডেমি বঁটা, সাৰদা অনুবাদ বঁটা, আকৈজাম চাওতন আৰু আৰ কে মুক্তাচানা সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

তেওঁ আনকি মণিপুৰৰ ৰাগবি ফুটবল সন্থাৰ সভাপতি আৰু ভাৰতীয় পেছাদাৰী ৰাগবি ফেডাৰেচনৰ জ্যেষ্ঠ উপ সভাপতিও আছিল।

উল্লেখ্য যে প্ৰাক্তন বিষয়াজনৰ মৃত্যুত শোক প্ৰকাশ কৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে।

তেওঁ কয় যে ৰাজ্যখনে এজন মহান শিক্ষাবিদ আৰু ক্ৰীড়া সংগঠকক হেৰুৱালে। যিয়ে সমাজ উত্তৰণৰ বাবে উল্ল্যেখযোগ্য বৰঙণি আগবঢ়াইছিল।

ইয়াৰোপৰি মণিপুৰৰ তথ্য আয়োগে বিষয়াজনৰ মৃত্যুত শোক প্ৰকাশ কৰি এক শোকসভা অনুষ্ঠিত কৰে।

Leave a Comment