প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ দেৱকান্ত মহন্তৰ দেহাৱসান…

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ দেৱকান্ত মহন্তৰ দেহাৱসান।

দেওবাৰে নিশা ৯-৩০ বজাত দেহাৱসান ঘটে প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ দেৱকান্ত মহন্তৰ।

কলিয়াবৰ মহকুমাৰ অন্তৰ্গত উলুৱনিৰ শ্ৰী শ্ৰী ৰূপনাৰায়ন খামুচীয়া সত্ৰৰ নিজা বাসগৃহত বাৰ্দ্ধক্য জনিত কাৰনত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটে দেৱকান্ত মহন্তৰ।

image 30
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ দেৱকান্ত মহন্তৰ দেহাৱসান... 2

দেৱকান্ত মহন্তৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৯ বছৰ।

অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক দেৱকান্ত মহন্তই মৃত্যুৰ সময়ত ইহ সংসাৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, চাহ খেতিয়ক তথা উদ্যোগী দিলীপ মহন্ত আৰু অধ্যাপক বিপুল মহন্তসহ এগৰাকী কন্যা সন্তান ইহ সংসাৰত এৰি থৈ যায়।

দেৱকান্ত মহন্তৰ বিয়োগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ো গভীৰ শোক প্ৰকাশ কৰি প্ৰয়াত মহন্ত দেৱৰ পূণ্যাত্মাৰ সদগতিৰ অৰ্থে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই টুইট কৰিছে।

ইপিনে প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুণীন হাজৰিকা, কলিয়াবৰ প্ৰেছ ক্লাৱ, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতি প্ৰমুখ্য বিভিন্ন ব্যক্তি-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।