অসম
প্ৰসূতিৰ পৰা ২৮০ টকা লৈ গ্ৰেপ্তাৰ হ’ল নাৰ্চ…

প্ৰসূতিৰ পৰা ধন লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী নাৰ্চ।
গোলকগঞ্জৰ তামাৰহাট প্ৰাথমিক চিকিৎসালয়ৰ GNM ক্ষমাৰাণী দেক গ্ৰেপ্তাৰ।
নাৰ্চ গৰাকীয়ে প্ৰসূতিৰ পৰা ধন লোৱাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে, তামাৰহাটৰ তামাচা বাগানৰ নিবাসী আসমত আলীৰ পত্নীক যোৱা ১৩ জুলাইত তামাৰহাট প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে আৰু তেওঁ এগৰাকী কন্যা সন্তানৰ জন্ম দিয়ে।
কন্যা সন্তান হোৱাৰ পিছতে জি এন এম ক্ষমাৰাণী দে-ই ৫০০ টকা বিচাৰে।

কিন্তু দৰিদ্ৰ পৰিয়ালৰ প্ৰসূতিগৰাকীৰ স্বামীয়ে উপায়হীন হৈ নাৰ্চ গৰাকীক কোনোমতে ২৮০ টকা যোগাৰ কৰি দিয়ে।
তাৰ পিছতে নাৰ্চ গৰাকীৰ বিৰুদ্ধে ধুবুৰী জিলা উপায়ুক্তক অভিযোগ কৰাত তামাৰহাট থানাৰ আৰক্ষীয়ে নাৰ্চ গৰাকীক গ্ৰেপ্তাৰ কৰে।
আনহাতে, চিকিৎসালয়খনত ৰোগীক কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে।