প্ৰসংগঃ সূৰুজ গগৈ এনকাউণ্টাৰ! কাৰ নিৰ্দেশত হত্যা কৰা হ’ল স্পষ্ট কৰাৰ দাবী আলফা (স্বাঃ)ৰ…

নিউজ ডেস্ক। প্ৰসংগঃ সূৰুজ গগৈ এনকাউণ্টাৰ! কাৰ নিৰ্দেশত হত্যা কৰা হ’ল স্পষ্ট কৰাৰ দাবী আলফা (স্বাঃ)ৰ।

আলফা স্বাধীনৰ যোগাযোগকাৰী সন্দেহত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শিৱসাগৰৰ যুৱক সূৰজ গগৈক।

ইয়াৰ পাছত ৩ মাৰ্চৰ নিশা চৰাইদেও আৰক্ষীৰ এনকাউণ্টাৰত আহত হৈ চিকিৎসাধীন হৈ থাকি ৫ এপ্ৰিলত অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত মৃত্যু হয় সূৰজৰ।

p5 2
প্ৰসংগঃ সূৰুজ গগৈ এনকাউণ্টাৰ! কাৰ নিৰ্দেশত হত্যা কৰা হ’ল স্পষ্ট কৰাৰ দাবী আলফা (স্বাঃ)ৰ... 5

সূৰজৰ মৃত্যুৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনে।

এক প্ৰেছ বিজ্ঞপ্তিত আলফা স্বাধীনে সূৰুজ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

72b94f1f 0106 4958 93b6 15714a4a4eb1
প্ৰসংগঃ সূৰুজ গগৈ এনকাউণ্টাৰ! কাৰ নিৰ্দেশত হত্যা কৰা হ’ল স্পষ্ট কৰাৰ দাবী আলফা (স্বাঃ)ৰ... 6

বিজ্ঞপ্তিটোত লিখিছে- ‘সুৰূজ গগৈ যদিওৱা সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন)সংগঠনৰ যোগাযোগকাৰী নাছিত তথাপিও তেখেতে জননী জন্মভূমিৰ মুকুতিৰ সশস্ত্ৰ সংগ্ৰামৰ দখলদাৰী বাহিনীয়ে স্ব-জ্ঞানে সৃষ্টি কৰা নিষ্ঠুৰ পটভূমিত নিজৰ প্ৰাণ আহুতি দি স্বদেশ প্ৰেমৰ চানেকি ৰচি থৈ গ’ল। সেয়েহে আমি সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ তৰফৰ পৰা তেখেতক ‘অমৰ মৃতক’ ঘোষণা কৰিলো।’

1
প্ৰসংগঃ সূৰুজ গগৈ এনকাউণ্টাৰ! কাৰ নিৰ্দেশত হত্যা কৰা হ’ল স্পষ্ট কৰাৰ দাবী আলফা (স্বাঃ)ৰ... 7

ইপিনে, সূৰুজ গগৈ নামৰ নিৰীহ অসমীয়া যুৱকজনৰ হত্যা অসমৰ মুখ্য মন্ত্ৰীৰ নিৰ্দেশ মৰ্মে নে আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশত হৈছিল সেই কথা অসমৰ জনসাধাৰণৰ সন্মুখত স্পষ্ট কৰিবলৈয়ো আলফা স্বাধীনে দাবী জনায়।

লগতে চাওকঃ

বিয়াৰ এমাহ নৌহওঁতেই পথ দুৰ্ঘটনাই কাঢ়ি নিলে কংকনৰ প্ৰাণ…

G3 5
প্ৰসংগঃ সূৰুজ গগৈ এনকাউণ্টাৰ! কাৰ নিৰ্দেশত হত্যা কৰা হ’ল স্পষ্ট কৰাৰ দাবী আলফা (স্বাঃ)ৰ... 8

Leave a Comment