প্ৰসংগঃ মাদ্ৰাছাত উচ্ছেদ, হঠাতে এআইইউডিএফৰ মুৰব্বীৰ বিৰুদ্ধে সৰৱ শুকুৰ আলী, ক’লে এই কথা…

নিউজ ডেস্কঃ বদৰুদ্দিন আজমলৰ ভুলৰ বাবেই মাদ্ৰাছাত চলিছে বুলড’জাৰ! এই বিস্ফোৰক মন্তব্য সামাজিক মাধ্যমৰ চৰ্চিত নেতা শুকুৰ আলীৰ। মাদ্ৰাছাত ৰাজ্য চৰকাৰে বুলড’জাৰ চলোৱা কাৰ্যক সমৰ্থন জনাই বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ফেচবুক লাইভৰ জৰিয়তে সৰৱ হৈ পৰিল শুকুৰ আলী।

শুকুৰ আলীয়ে কয়, ‘মই দুবছৰ আগতেই কৈছিলো যে বদৰুদ্দিন আজমলে অসমত মাদ্ৰাছা স্থাপন কৰিছে। এই মাদ্ৰাছাৰ পৰা জেহাদী ওলাব বুলি মই কৈছিলোঁৱেই। এতিয়া সেয়া জলজল পটপটকৈ ওলাই পৰিছে।’

অসমত মৌলবাদী শক্তিৰ বিৰুদ্ধে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে শুকুৰ আলীয়ে। ফেচবুক লাইভত শুকুৰে কয় যে মাদ্ৰাছাৰ পৰা জেহাদী ওলোৱাটো সত্য। সেয়ে চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে।

বদৰুদ্দিন আজমল জেহাদীৰ সৈতে জড়িত বুলি দাবী কৰি শুকুৰ আলীয়ে কয়, ‘আপোনাৰ নাটক আৰু নচলিব আজমল ডাঙৰীয়া। মুছলমানক লৈ ৰাজনীতি নকৰিব। মই আপোনাক সকীয়াই দিছো। আপোনাৰ নাটক আৰু কেতিয়াও নচলিব। আপোনাৰ বাবেই আজি বুলড’জাৰ চলিছ।’

আনহাতে মাদ্ৰাছা উচ্ছেদৰ বিৰুদ্ধে বদৰুদ্দিন আজমলে ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ হুংকাৰ দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শুকুল আলীয়ে কয়, ‘আপুনি যদি উচ্চ ন্যায়ালয়ত যায়, তেন্তে ময়ো উচ্চতম ন্যায়ালয়ত যাম। মই এনেই বহি থকা বুলি ভাৱিছে নেকি? আপুনি যদি ডালে ডালে কৰে, মই পাতে পাতে কৰিম।’

মাদ্ৰাছা উচ্ছেদক লৈ চান্দা পাৰ্টিয়ে আন্দোলন কৰিলেই নহব বুলি মন্তব্য কৰি ছ’চিয়েল মিডিয়াৰ নেতাজনে কয় যে আমি সমাধান বিচাৰিব লাগিব। ক’ত জেহাদী আছে, সেয়া বিচাৰি উলিয়াই আমি অসমৰ পৰা জেহাদী নিৰ্মূল কৰিব লাগিব।

ইফালে ফেচবুক লাইভৰ জৰিয়তে আজমলৰ বিৰুদ্ধে এনেদৰে সৰৱ হৈ পৰাৰ পিছতে শুকুৰ আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে এইআইইউডিএফৰ প্ৰধানগৰাকীয়ে। তাৰ পিছতে নতশিৰ কৰি আজমলৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হয় শুকুৰে।