অসমীয়াঅসম

প্ৰসংগঃ জেহাদী! ৰাজ্যৰ ইছলামিক সংগঠনৰ প্ৰতিনিধিৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক ডিজিপিৰ, ল’লে এই সিদ্ধান্ত…

নিউজ ডেস্কঃ অসমত জেহাদী সক্ৰিয়তা আৰু মাদ্ৰাছাৰ সম্পৰ্ক সন্দৰ্ভত ৰাজ্যৰ কেইবাগৰাকীও ইছলামিক সংগঠনৰ প্ৰতিধিনৰ সৈতে এখন বৈঠকত মিলিত হয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত। ইয়াৰ পিছতে এক সংবাদমেল সম্বোধন কৰি এই বিষয়ে জানিবলৈ দিয়ে ডিজিপি গৰাকীয়ে।

অসমৰ দৰে এখন ৰাজ্যত মুছলমান জনসাধাৰণৰ সহযোগিতা অবিহনে আল-কায়দা বা এবিটিৰ দৰে জেহাদী সংগঠনৰ প্ৰভাৱ প্ৰতিৰোধ কৰিবলৈ অসম আৰক্ষী সক্ষম নহ’লহেঁতেন বুলি মন্তব্য কৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই। ইছলামিক সংগঠন সমূহে কেতবোৰ নীতি-নিৰ্দেশনা পালন কৰি চলাটো প্ৰয়োজন বুলি মন্তব্য কৰে মহন্তই।

photo1662283799

যিসকলে ইছলামিক সংগঠনে মাদ্ৰাছা চলাই আহিছে, তেওঁলোকক কেতোবৰ দায়িত্ব পালন কৰিবলৈ বৈঠকত অনুৰোধ জনোৱা বুলিও মন্তব্য কৰে ডিজিপি মহন্তই।

আনহাতে মাদ্ৰাছা সন্দৰ্ভত চৰকাৰে এটা পৰ্টেল প্ৰস্তুত কৰিব বুলি জানিবলৈ দি ডিজিপি মহন্তই কয় যে এই পৰ্টেলত মাদ্ৰাছা পৰিচালনা কৰা সংগঠনে মাদ্ৰাছাৰ সবিশেষ তথ্য দাখিল কৰিব লাগিব। মাদ্ৰাছাত কোন শিক্ষক হ’ব, শিক্ষকক দৰমহা ক’ৰ পৰা দিয়া হব, মাদ্ৰাছাৰ মাটিকালি কিমান আদি সৰু সৰু তথ্যও এই পৰ্টেলযোগে প্ৰকাশ কৰিব লাগিব সংগঠনসমূহে।

ব্যক্তিগত মাদ্ৰাছা চলাই থকা সংগঠনসমূহে কেৱল সমিতি গঠন কৰিলেই নহয়, বৰং তাৰ দায়িত্বও পালন কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়ে ডিজিপি মহন্তই। আনহাতে সৰু সৰু মাদ্ৰাছাসমূহ ডাঙৰ মাদ্ৰাছাৰ সৈতে একত্ৰিত কৰিব পাৰি নেকি সেয়াও বৈঠকত আলোচনা কৰা বুলি জানিবলৈ দিয়ে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে।

মাদ্ৰাছাত ধৰ্মীয় শিক্ষাৰ উপৰিও গণিত, ভূগোল, কম্পিউটাৰৰ দৰে সাধাৰণ শিক্ষা প্ৰদান কৰিব পাৰি নেকি সেই সন্দৰ্ভত আলোচনা হোৱা বুলি জনায় ডিজিপি মহন্তই।

Related Articles

Back to top button