অসম
প্ৰসংগঃ আৱাহনৰ ‘লভিতা’! অভিজিৎ ভট্টাচাৰ্যক গৰিহণা সদৌ অসম ভ্ৰাম্যমাণ প্ৰযোজক সন্থাৰ…

বিগত কিছু দিন ধৰি ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী সৃষ্টি ‘লভিতা’ক আৱাহন থিয়েটাৰত বিকৃত ৰূপত মঞ্চত উপস্থাপন কৰোৱাৰ বাবে সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
ৰাজ্যজুৰি চলি থকা বিতৰ্কৰ মাজতে এইবাৰ অভিজিৎ ভট্টাচাৰ্যক গৰিহণা দিছে সদৌ অসম ভ্ৰাম্যমাণ প্ৰযোজক সন্থাই।

আৱাহনত মঞ্চস্থ হোৱা ‘লভিতা’ক লৈ গৰিহণা সদৌ অসম ভ্ৰাম্যমাণ প্ৰযোজক সন্থাৰ।
সন্থাটোৱে এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে কেৱল ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নহয় বৰং অসমীয়া জন-জীৱনৰ প্ৰতি গৰাকী পুৰুধা ব্যক্তিৰ সৃষ্টিৰ বিকৃতকৰণ কোনো পধ্যেই হ’বলৈ নিদিয়ে বুলিও জনায়।
বিবৃতিযোগে এই কথা সদৰি কৰিছে সন্থাৰ সভাপতি নজৰুল ইছলাম, সম্পাদক ক্ষীৰোদ খনিকৰে।