প্ৰসংগঃ অনিমেষ ভূঞা হত্যাকাণ্ড, যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক শাস্তিমূলক বদলি…

যোৰহাটৰ মাজ মজিয়াত দিন দুপৰতে সংঘটিত হোৱা অনিমেষ ভূঞা হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়াৰ বুজ ল’বলৈ যোৰহাটত উপস্থিত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং।

তেওঁ কয় যে, অনিমেশ হত্যাকাণ্ডৰ অভিযোগনামা ২০২২ বৰ্ষৰ জানুৱাৰীৰ প্ৰথম সপ্তাহতে দাখিল কৰা হ’ব।

দোষী যাতে ৰক্ষা পৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এখন কঠোৰ অভিযোগনামা দাখিল কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

লগতে পৰ্যাপ্ত সাক্ষী, প্রমাণ আৰক্ষীয়ে লাভ কৰিছে বুলিও বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে মন্তব্য কৰে।

আনহাতে, তেওঁ কয়- এই ঘটনাৰে জড়িত অধিকাংশ অভিযুক্ত ড্ৰাগছৰ বেহাৰে জড়িত বুলি প্ৰমাণ পোৱা গৈছে। যোৰহাট জিলাত ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰা সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে।

ইফালে, যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলি কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে তেওঁ জানিবলৈ দিয়ে।

যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিদানন্দ বৰাক শাস্তিমূলক বদলি কৰা হৈছে।

উল্লেখ্য যে, যোৱা ২৯ নৱেম্বৰত আছু নেতা অনিমেশ ভূঞাক যোৰহাট চহৰৰ মাজ মজিয়াতে একাংশ উদণ্ড লোকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল।

Leave a Comment