অসম

প্ৰসংগঃ অংক আৰু বিজ্ঞান বিষয় ইংৰাজীত পাঠদান! চাৰি জাতীয় সংগঠনৰ ঐক্যবদ্ধ সভা…

তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ইংৰাজী ভাষাত বিজ্ঞান আৰু গনিত বিষয়ৰ পাঠদান সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে এই সিদ্ধান্তৰ বিৰোধীতা কৰিছে।

কেবিনেটৰ এই সিদ্ধান্তক লৈ সোমবাৰে গুৱাহাটীত অনুষ্ঠিত হয় আছু, এবছু, অসম সাহিত্য সভা, বড়ো সাহিত্য সভাৰ ঐক্যবদ্ধ বৈথক।

পাণবজাৰৰ প্ৰাগ কণ্টিনেনটেলত অনুষ্ঠিত বৈঠকত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক তীব্ৰ বিৰোধীতা কৰে আছু, এবছু, অসম সাহিত্য সভা, বড়ো সাহিত্য সভাই।

ইংৰাজী মাধ্যমত চৰকাৰী বিদ্যালয় খোলাৰ সিদ্ধান্ত আৰু বিদ্যালয় প্ৰদেশিকৰন বন্ধৰ সিদ্ধান্তৰো বিৰোধীতা কৰে জাতীয় সংগঠন কেইটাই।

image 4

এই সন্দৰ্ভত সমুজ্জ্বল ভট্টাচাৰ্যই কয়-

যৌথ সভাই শৈক্ষিক ক্ষেত্ৰত চৰকাৰে লোৱা সকলো সিদ্ধান্তৰ বিৰোধিতা কৰে। অসম চৰকাৰৰ এই সিদ্ধান্ত অদূৰদৰ্শী, অযুক্তিকৰ।

চৰকাৰৰ এই সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী। এই সিদ্ধান্ত বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীৰ উচ্চশিক্ষাৰ বাবে, কিন্ত কলা শাখাত পঢ়াসকলৰ কথা চৰকাৰে কিয় নাই ভবা?

বড়ো মাধ্যম, অসমীয়া মাধ্যম, মাতৃভাষা মাধ্যমত ইংৰাজী ভাষা ভালকৈ শিকাবৰ বাবে ব্যৱস্থা কৰিব লাগে, যিকোনো বিষয় আয়ত্ব কৰিবলৈ ইংৰাজী ভাষা শিক্ষণৰ প্ৰয়োজন। তেনেদৰে ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীক নিজৰ মাতৃভাষা ভালকৈ আয়ত্ব কৰিবলৈ শিকাব লাগে। চৰকাৰৰ সিদ্ধান্ত অবিজ্ঞানসন্মত।

বড়ো অথবা অসমীয়া মাধ্যমৰ আদৰ্শ বিদ্যালয় সমূহক ইংৰাজী মাধ্যমলৈ ৰূপান্তৰ কৰিব বিচাৰিছে, CBSC কৰিব বিচাৰিছে, এইটো আমাৰ ওপৰত মাধমাৰ। এইটো আমি বিৰোধিতা কৰিছো।

যৌথ সভাই অসমীয়া মাধ্যম, বড়ো মাধ্যমৰ ঐতিহ্য মণ্ডিত বিদ্যালয় সমূহক মডেল বিদ্যালয়, আদৰ্শ বিদ্যালয়লৈ আধুনিক সা-সুবিধাৰে সজাই পৰাই তুলিবলৈ দাবী জনায়।

লগতে অসমৰ সকলো শিক্ষক সংগঠনৰ লগতে অসমৰ জাতি জনগোষ্ঠীয় সকলোকে লৈ অতি শীঘ্ৰেই আলোচনাত সদৌ অসম ছাত্ৰ সন্থাই আলোচনাত বহিব বুলি ভট্টাচাৰ্যই সদৰি কৰে।

কুলধৰ শইকীয়াই কয়-

ইংৰাজীত ভাল কৰিব যদি পৰা নাই ভাল শিক্ষক নিযুক্তি দিয়ক।

মাতৃ ভাষাৰ মাধ্যমৰ বিদ্যালয় সমূহৰ আন্তঃগাঁথনি উন্নত কৰিব কৰিব লাগে।

আনহতে এবচুৰ সভাপতি দ্বীপেন বড়োই কয়-

এখন বিদ্যালয়ত তিনিটা মাধ্যমত কেনেকৈ ছাত্ৰ ছাত্ৰী সকলে পঢ়িব?

চৰকাৰৰ এই সিদ্ধান্তই মাতৃ ভাষা মাধ্যমৰ বিদ্যালয় সমূহলৈ সংকট আনিব।বন্ধ হৈ পৰিব ৰাজহুৱা বিদ্যালয় সমূহ।

ভাৰত মাতৃক ভাল পাওঁ অসম মাতৃ ভাল পাওঁ সেইদৰে বড়ো ভাষা আৰু অসমীয়া ভাষাও ভাল পাওঁ।

চৰকাৰে কিয় এই সিদ্ধান্ত ললে বুজাই দিবলৈও আহ্বান জনাই নেতাগৰাকীয়ে।

চৰকাৰৰ প্ৰাদেশীকিকৰণ নকৰাৰ যি সিদ্ধান্ত সেইয়া বিৰোধীতা কৰিছোঁ।

ইপিনে যৌথ সভাই অতি শীঘ্ৰেই শৈক্ষিক অভিবৰ্ত্তন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Related Articles

Back to top button