প্ৰশ্নকাকত ভাইৰেল হৈছে ভালেই হৈছে, পৃথিৱী ওলটি যোৱা একো ঘটনা ঘটা নাইঃ বিধায়ক চক্ৰ গগৈ…

বাতিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা।

ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত আগতীয়াকৈ ভাইৰেল হোৱাৰ পাছতেই পৰীক্ষা বাতিল ঘোষণা ছেবাৰ।

সোমবাৰে অনুষ্ঠিত হ’ব লগা বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত মাজনিশা মোবাইলে মোবাইলে ভাইৰেল হৈ পৰাৰ পিছতে এই ঘোষণা ছেবাৰ।

এক নিৰ্দেশনাযোগে পৰীক্ষা বাতিলৰ কথা সদৰি কৰিছে ছেবা কৰ্তৃপক্ষই।

প্ৰশ্নকাকত বাতিল হোৱাৰ পিছতে ৰাজ্যজুৰি সষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

পৰীক্ষা বাতিল সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ইয়াৰ মাজতে মেট্ৰিক পৰীক্ষাক লৈ টুলুঙা মন্তব্য কৰিছে বিজেপি বিধায়ক চক্ৰ গগৈয়ে।

তেওঁ কয়- ‘প্ৰশ্নকাকত ভাইৰেল হৈছে ভালেই হৈছে। পৃথিৱী ওলটি যোৱা একো ঘটনা ঘটা নাই।’

পৰীক্ষা বাতিলৰ মাজতে বিজেপি বিধায়কৰ এই ভেঙুচালি মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।