নিউজ ডেস্ক। পুনৰ বিতৰ্কত ছেবা! এইবাৰ পৰীক্ষাৰ মাত্ৰ কেইটামান ঘন্টাৰ পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত।
এই ঘটনা পােহৰলৈ অহাৰ পিছতে সোমবাৰ, ১৩ মাৰ্চ তাৰিখে অনুষ্ঠিত হ’বলগীয়া সাধাৰণ বিজ্ঞান (চি3) বিষয়ৰ পৰীক্ষা বাতিলৰ ঘােষণা কৰিছে মাধ্যমিক শিক্ষা পৰিষদ, অসম চমুকৈ ছেবাই।
ছেবাই জাৰী কৰা এক বিবৃতিত এই কথা প্ৰকাশ কৰা হৈছে।
বিবৃতিটোত আৰু কোৱা হৈছে যে সামাজিক মাধ্যমত প্ৰশ্নকাকত বিয়পি পৰাৰ ঘটনা সংবাদ মাধ্যমত প্ৰচাৰিত হােৱাৰ পিছতে ছেবা কৰ্তৃপক্ষই গুৰুত্বসহকাৰে লৈছে আৰু পৰীক্ষাৰ পৱিত্ৰতা আৰু বিশ্বাসযোগ্যতা বজাই ৰখাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে সাধাৰণ বিজ্ঞান (চি৩) বিষয়ৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লৈছে।

ছেবাই লগতে জনায় যে সাধাৰণ বিজ্ঞান (চি3) বিষয়ৰ পৰীক্ষাৰ পৰৱৰ্তী তাৰিখ যথা সময়ত ঘোষণা কৰা হ’ব আৰু সকলোকে এই সন্দৰ্ভত পৰিষদৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনায়।
অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱেও তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত পৰীক্ষা বাতিল হোৱাটো নিশ্চিত কৰে আৰু কয় যে সংবাদ মাধ্যমত প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত বাতৰি প্ৰকাশৰ পিছতে এই সিদ্ধান্ত লােৱা হৈছে।
General Science examination of the on going HSLC examination scheduled for 13/03/2023 has been cancelled by SEBA in view of media reports of leakage of the question paper. Next date will be announced in due course. pic.twitter.com/3fvU2CbSgr
— Ranoj Pegu (@ranojpeguassam) March 12, 2023
ইপিনে, অসমৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) জি পি সিঙে টুইট কৰি কয় যে এই সংক্ৰান্তত এটা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে আৰু চিআইডি অসমৰ দ্বাৰা তদন্ত কৰা হ’ব। তেওঁ আশ্বাস প্ৰদান কৰে যে ঘটনাৰ সৈতে জড়িত অপৰাধীৰ বিৰুদ্ধে আইন মতে ব্যৱস্থা লােৱা হ’ব।
Also Read: Paper Leak: SEBA Cancels General Science Exam, Assam Police Registers Criminal Case