fbpx
অসমীয়াঅসম

প্ৰশ্নকাকত ফাদিলৰ পিছত এইবাৰ সষ্টম ছেবা! মেট্ৰিকৰ বিজ্ঞান আৰু অসমীয়াৰ পৰীক্ষাক লৈ জাৰি নতুন নিৰ্দেশনা…

নিউজ ডেস্কঃ চলি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছতে বাতিল হোৱা দুটা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ নতুন নিৰ্দেশনা জাৰি কৰিছে ছেবাই।

বিজ্ঞান আৰু অসমীয়া বিষয়ৰ পৰীক্ষাৰ সময়ত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয়, তাৰ বাব আৰক্ষীৰ সহায় বিচাৰিছে ছেবাই।

ছেবাই জাৰি কৰা নিৰ্দেশনা অনুসৰি, এই দুটা বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষা কেন্দ্ৰৰ তত্বাবধায়কৰ সন্মুখত প্ৰদান কৰা হ’ব আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক।

জিলা বিদ্যালয় পৰিদৰ্শকে নিৰ্দিষ্ট কৰি দিয়া স্থানীয় আৰক্ষী চকী বা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াইহে গ্ৰহণ কৰিব পৰীক্ষাৰ প্ৰশ্নকাকতৰ টোপোলা।

আনহাতে ছেবাৰ নিৰ্দেশনা অনুসৰি, কোনো কাৰণতে থানাত প্ৰশ্নকাকতৰ টোপোলা খুলিব নোৱাৰিব কোনেও।

ছেবাই সদৰী কৰা মতে, অহা ২৬ৰ পৰা ২৯ মাৰ্চৰ ভিতৰত আৰক্ষী থানাসমূহলৈ প্ৰশ্নকাকতৰ টোপোলা প্ৰেৰণ কৰা হ’ব।

তাৰ পিছত নিৰ্দিষ্ট দিনা আৰক্ষীৰ নিৰাপত্তাৰ মাজেৰে প্ৰশ্নকাকতসমূহ পৰীক্ষা কেন্দ্ৰলৈ নিয়াৰ পিছত পৰীক্ষা কেন্দ্ৰৰ ষ্ট্ৰংৰুমত চিচি কেমেৰাৰ সন্মুখত খুলিব লাগিব প্ৰশ্নকাকতৰ টোপোলা।

আনহাতে, পৰীক্ষা শেষ হোৱাৰ পাছত ছেবাই দায়িত্ব দিয়া বিষয়াই লৈ আনিব লাগিব অব্যৱহৃত প্ৰশ্নকাকত।

লগতে পৰীক্ষা সংক্ৰান্তীয় সকলো গোপনীয় নথিপত্ৰ আনিব লাগিব ওভতাই।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!