fbpx
অসম

প্ৰশ্নকাকত ফাদিলৰ পাছতে তৎপৰ শিক্ষা বিভাগ! প্ৰশ্নকাকত সংগ্ৰহ, পৰীক্ষাক লৈ নতুন নিৰ্দেশনা জাৰি…

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ পাছতে তৎপৰ শিক্ষা বিভাগ।

প্ৰশ্নকাকত সংগ্ৰহ, পৰীক্ষাক লৈ নতুন নিৰ্দেশনা জাৰি।

ছেবাৰ সচিবগৰাকীয়ে SEBA/EX/HOLD/652022-23/53 নং পত্ৰৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰসমূহলৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে।

সেই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহত বিদ্যালয় পৰিদৰ্শকে নিয়োগ কৰিব বিশেষ বিষয়া।

এই বিষয়াগৰাকী আৰক্ষী থানাৰ পৰা প্ৰশ্ন কাকত সংগ্ৰহ কৰাৰ সময়ত উপস্থিত থাকিব লাগিব।

এইগৰাকী বিশেষ বিষয়াই ছেবাই প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ টোপোলাৰ সংখ্যা নিশ্চিত কৰিব।

আনহাতে প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ প্ৰতিটো কোঠাতে থাকিব দুজনকৈ পৰীক্ষা নিৰীক্ষক।

প্ৰয়োজন সাপেক্ষে এই নিৰীক্ষকসকলে সহায় ল’ব পাৰিব আৰক্ষীৰ।

ইয়াৰোপৰি প্রত্যেকটো পৰীক্ষা কেন্দ্রৰ তত্বাবধায়কে প্রৱেশৰ পূৰ্বে পৰীক্ষাৰ্থীৰ নিৰীক্ষণৰ তদাৰক কৰিব।

Related Articles

Back to top button