প্ৰশিক্ষনৰ সময়ত ভূপতিত ভাৰতীয় বায়ু সেনাৰ বিমান! শ্বহীদ দুগৰাকী পাইলট

নিউজ ডেস্কঃ বৃহস্পতিবাৰে নিশা ৰাজস্থানৰ বাৰমেৰ জিলাত ভাৰতীয় বায়ু সেনাৰ এখন মিগ-২১ প্ৰশিক্ষক বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত বিমানখনৰ দুয়োজন পাইলট শ্বহীদ হয়।

ভাৰতীয় বায়ু সেনাই সদৰী কৰা মতে, ৰাজস্থানৰ উত্তৰলাই বিমানঘাচিৰ পৰা প্ৰশিক্ষণ যাত্ৰাৰ বাবে টুইন ছিটাৰ মিগ-২১ বিমানখন উৰা মাৰিছিল। তাৰ পিছতে নিশা প্ৰায় ৯.১০ বজাত বাৰমেৰৰ বায়টুৰ ভীমদা গাঁৱৰ সমীপত বিমানখন দুৰ্ঘটনাত পতিত হয়।

photo1659071727
প্ৰশিক্ষনৰ সময়ত ভূপতিত ভাৰতীয় বায়ু সেনাৰ বিমান! শ্বহীদ দুগৰাকী পাইলট 3

ইফালে বিমান দুৰ্ঘটনাটোত শ্বহীদ হোৱা দুয়োগৰাকী পাইলটৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয়ৰ বাবে তদন্তৰ নিৰ্দেশ দিছে আইএএফে।

photo1659071864
প্ৰশিক্ষনৰ সময়ত ভূপতিত ভাৰতীয় বায়ু সেনাৰ বিমান! শ্বহীদ দুগৰাকী পাইলট 4

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও টুইটযোগে এই দুৰ্ঘটনাত শোক ব্যক্ত কৰে। টুইটাৰত তেওঁ লিখিছে, “ৰাজস্থানৰ বাৰমেৰৰ ওচৰত আইএএফৰ মিগ-২১ প্ৰশিক্ষক বিমানৰ দুৰ্ঘটনাৰ ফলত দুজন যোদ্ধাক হেৰুৱাই গভীৰভাৱে যন্ত্ৰণাত ভুগিছো।

জাতিৰ প্ৰতি তেওঁলোকৰ সেৱা কেতিয়াও পাহৰিব নোৱাৰিব। এই দুখৰ সময়ত মোৰ সমবেদনা শোকসন্তপ্ত পৰিয়ালৰ সৈতে আছে।’