ৰাষ্ট্ৰীয়

প্ৰশিক্ষণৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত বিমান, কথমপি প্ৰাণৰক্ষা এগৰাকী মহিলা পাইলটৰ

প্ৰশিক্ষণৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত এখন প্ৰশিক্ষণ বিমান।

মহাৰাষ্ট্ৰৰ পুনেৰ ইন্দপুৰত সোমবাৰে পুৱা সংঘটিত হৈছে এই দুৰ্ঘটনৈ।

দুৰ্ঘটনাটোৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী ২২ বছৰীয়া যুৱতী প্ৰশিক্ষাৰ্থী পাইলটৰ।

আঘাতপ্ৰাপ্ত প্ৰশিক্ষাৰ্থী পাইলট গৰাকীক ভৱিকা ৰাথোড় বুলি চিনাক্ত কৰা হৈছে।

বিমানখন কাৰ্ভাৰ এভিয়েচনৰ অন্তৰ্গত আছিল। প্ৰশিক্ষণ কেন্দ্ৰটোৰ মুখ্য কাৰ্যালয় বাৰামতীত অৱস্থিত।

আৰক্ষী অধীক্ষক অভিনৱ দেশমুখে কয় যে, পুৱা প্ৰায় ১১.৩০ বজাত সংঘটিত দুৰ্ঘটনাটোত ৰাথোড় সামান্য পৰিমাণে আঘাত প্ৰাপ্ত হয়।ৰাথোড়ক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছতে শ্বেলগাওঁ অঞ্চলৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়।

আৰক্ষীয়ে জনোৱা মতে দুৰ্ঘটনাটোৰ সময়ত ৰাথোড় বিমানখনত অকলে আছিল।

কাৰ্ভাৰ এভিয়েচনৰ বিষয়ববীয়া আৰু স্থানীয় আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

Related Articles

Back to top button