প্ৰশাসনে জ্বলাই দিলে ২৫ লাখ টকা মূল্যৰ ৬,৬০৫ কিলো অবৈধ বাৰ্মিজ চুপাৰী

নিউজ ডেস্ক। এইবাৰ চােৰাং বাৰ্মিজ চুপাৰী জ্বলাই দিলে প্ৰশাসনে।

আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ চােৰাং বাৰ্মিজ চুপাৰী জ্বলাই ভস্মীভূত কৰিলে দৰং জিলা প্ৰশাংসনে।

জ্বলাই দিয়া বাৰ্মিজ চুপাৰীৰ পৰিমাণ ৬৬০৫ কিলো বুলি জানিব পৰা গৈছে।

জিলাখনৰ খাৰুপেটীয়াত প্ৰশাসনে জ্বলাই দিয়া এই চুপাৰীৰ বজাৰ মূল্য প্ৰায় ২৫ লাখ টকা।

উল্লেখ্য যে কিছুদিন পূৰ্বে আৰক্ষীয়ে বাৰ্মিজ চুপাৰী জব্দ কৰাৰ লগতে এই ঘটনা সৈতে জড়িত থকাৰ অভিযােগত খাৰুপেটীয়াৰ তিনিজন ব্যক্তিক আটক কৰি জে’ললৈ প্ৰেৰণ কৰা হৈছিল।

ইয়াৰ পাছতে আৰক্ষীৰ জিম্মাত থকা ৬৬০৫ কিলো বাৰ্মিজ চুপাৰী ৰবিবাৰে দলগাঁও ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈৰ উপস্থিতিত খাৰুপেটীয়া আৰক্ষীয়ে খাৰুপেটীয়াৰ মেলাখাটত জ্বলাই দিয়ে।

Leave a Comment