
নিউজ ডেস্কঃ প্ৰয়াত স্বামীৰ সপোন পূৰণ কৰি ভাৰতীয় স্থল সেনাৰ মহিলা বিষয়া হ’ল এগৰাকী মহিলা।
শনিবাৰে চেন্নাইৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমীৰ পৰা প্ৰশিক্ষণ সম্পন্ন কৰা ১৫১ গৰাকী পুৰুষ কেডেট আৰু ৩৫ গৰাকী মহিলা কেডেটৰ ভিতৰত আছি্ল লাডাখ অঞ্চলৰ পৰা ভাৰতীয় সেনাৰ প্ৰথমগৰাকী মহিলা বিষয়া হোৱা ৰিগজিন শ্বোৰল।
উল্লেখ্য যে, ৰিগজিন শ্বোৰলৰ স্বামী ৰিগজিন খাণ্ডাপ লাডাখ স্কাউটৰ জেডাং চুম্পা বেটেলিয়নৰ ৰাইফলমেন আছিল।
কৰ্তব্যৰত অৱস্থাতে দুৰ্ঘটনাত মৃত্যু ঘটা খাণ্ডপৰ সপোন আছিল তেওঁৰ পত্নীও সেনা বাহিনীৰ বিষয়া হোৱাটো।
#WATCH | Lt Rigzin Chorol commissioned as an officer in the Indian Army after passing out from Officers’ Training Academy. Hailing from Ladakh, she fulfilled the dream of her late husband, Rfn Rigzin Khandap (3 LADAKH SCOUTS)
— ANI (@ANI) October 30, 2022
Video source: Indian Army pic.twitter.com/74vJDxodNb
বাতৰি অনুসৰি, ৰিগজিন শ্বোৰলে স্বামীৰ মৃত্যুৰ পিছতে স্বামীৰ সপোন পূৰণ কৰি ভাৰতীয় সেনা বাহিনীত যোগদান কৰিব বিচাৰিছিল।
অৰ্থনীতিৰ স্নাতক শ্বোৰেলৰ সেনা বাহিনীত যোগদান কৰাৰ সিদ্ধান্তৰ কথা জানিব পাৰি উত্তৰ কমাণ্ডৰ জ্যেষ্ঠ বিষয়াসকলে তেওঁক লগ কৰি উৎসাহিত কৰে।
২০২১ চনৰ ডিচেম্বৰ মাহত তেওঁ অ’টিএ চেন্নাইত যোগদান কৰি ১১ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু লাডাখ অঞ্চলৰ পৰা ভাৰতীয় সেনা বাহিনীৰ বিষয়া হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।
Lt Harveen Kaur shares her thought on being Commissioned into #IndianArmy today. She preferred to find the footsteps of her husband Major KPS Kahlon who passed away in the year 2019. @adgpi @SpokespersonMoD @MinistryWCD @drajaykumar_ias @DefenceMinIndia @smritiirani @rajnathsingh pic.twitter.com/GwUgsS7pKr
— Defence PRO Chennai (@Def_PRO_Chennai) October 29, 2022
ইফালে ৰিগজিন শ্বোৰলৰ উপৰিও একেলগে প্ৰশিক্ষণ সম্পন্ন কৰা হৰবীন কৌৰ কাহলনৰ কাহিনীও প্ৰায় একেই।
জলন্ধাৰৰ এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰি থকা অৱস্থাত তেওঁৰ স্বামী কেপ্তেইন কনৱালপাল সিং কাহলনৰ মৃত্যু হয়।
তাৰ পিছতে স্বামীৰ সপোন পূৰ কৰিবলৈ তেওঁ ভাৰতীয় সেনাবাহিনীত যোগদান কৰিবলৈ উৎসাহিত হয়।