প্ৰভুভক্ত কুকুৰ! ঘৰত ডকাইতি হোৱাৰ পৰা গৃহস্থক এনেদৰে ৰক্ষা কৰিলে এটা কুকুৰে…

নিউজ ডেস্কঃ কুকুৰক প্ৰভুভক্ত বুলি কোৱা হয়। আৰু সেয়াই পুনৰ এবাৰ প্ৰমাণ কৰি দিলে ৰাজস্থানৰ জয়পুৰৰ এটা পৰিয়ালৰ পোহনীয়া কুকুৰটোৱে। এই কুকুৰটোৱেই ডকাইতি হোৱাৰ পৰা ৰক্ষা কৰিলে গৃহস্থক।

দৰাচলতে এই ঘটনা সংঘটিত হয় জয়পুৰৰ কাৰ্ধনী থানাৰ অন্তৰ্গত যমুনা নগৰ বিজয়পুৰাত। অঞ্চলটোৰ নিৱাসী সুৰেন্দ্ৰ কুমাৰ (৩০) নামৰ ব্যক্তিজনৰ ঘৰত থকা পোহনীয়া কুকুৰটোৱে ডকাইতি কাণ্ডৰ পৰা ৰক্ষা কৰে গৃহস্থক।

সুৰেন্দ্ৰ কুমাৰে জানিবলৈ দিয়া মতে, শুকুৰবাৰে বিয়লি ঘৰত তেওঁৰ পত্নী মমতা আৰু ৰুবী অকলে আছিল। বিয়লি প্ৰায় ১ বজাত দুজন যুৱক আহি তেওঁলোকৰ ড’ৰ বেল বজায়। পত্নী মমতাই দুৱাৰ খোলাত যুৱক দুজনে মন্দিৰৰ চান্দা বিচাৰি অহা বুলি কৈ কথা আৰম্ভ কৰে।

কথাৰ মাজতে চেগ বুজি এজন যুৱকে মমতাক এনাস্থেটিক দি অচেতন কৰে আৰু তাৰ পিছত ঘৰৰ ভিতৰত প্ৰৱেশৰ চেষ্টা চলায়।

image 195
প্ৰভুভক্ত কুকুৰ! ঘৰত ডকাইতি হোৱাৰ পৰা গৃহস্থক এনেদৰে ৰক্ষা কৰিলে এটা কুকুৰে… 2

কিন্তু ৰুবী নামৰ তেওঁলোকৰ পোহনীয়া কুকুৰটোৱে অচিনাকী লোক দুজনক দেখি জোৰ জোৰকৈ ভুকিবলৈ ধৰাৰ লগতে দুৱাৰ মুখ আৱদ্ধ কৰি থিয় হৈ থাকে। যাৰ ফলত দুস্কৃতিকাৰী দুজনে কুকুৰৰ ভয়ত ভিতৰত প্ৰৱেশ নকৰাকৈয়ে মহিলাগৰাকীৰ কাণৰ ফুলি যোৰ লৈয়ে সেই স্থানৰ পৰা উধাও হয়।

ভুক্তভোগী গৰাকীয়ে জনোৱা মতে, যদি দুস্কৃতিকাৰী যুৱক দুজনে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলেহেঁতেন তেন্তে বহু নগদ ধন আৰু গহনা কাঢ়ি নিব পাৰিলেহেঁতেন। কিন্তু ৰুবীৰ বাবেই এই ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৩ ছেপ্টেম্বৰত কর্ধনী থানা এলেকাৰ শ্বীতল ৰেচিডেন্সীত বাস কৰা ভনোৱাৰ সিঙৰ ঘৰত আৰক্ষীৰ পোছাক পৰিহিত ডকাইত সোমাইছিল৷ ডকাইতে পত্নী ব্ৰীজেশ কাঁৱৰক বন্দী কৰি লৈছিল। কিন্তু সেই সময়তে তেওঁলোকৰ পোহনীয়া কুকুৰ মেকিয়ে ডকাইতটোৰ দলটোক বাধা দিয়ে। আনকি এটা ডকাইতৰ হাততো কামোৰে কুকুৰটোৱে।

যাৰ ফলত ভীতিগ্ৰস্ত হৈ ডকাইতৰ দলটোৱে খালী হাতে সেই স্থানৰ পৰা পলায়ন কৰিবলগীয়া হয়। অৱশ্যে পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডকাইতৰ দলটোক।