NATIONAL

প্ৰবীণ অভিনেত্ৰী সুৰেখা আৰু নাই, শােকস্তব্ধ বলিউড

নিউজ ডেস্ক। প্ৰবীণ অভিনেত্ৰী তথা তিনিবাৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰী সুৰেখা চিকৰী আৰু নাই।

হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় অভিনেত্ৰী গৰাকীৰ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। তেওঁ কেইবামাহ ধৰি অসুস্থ হৈ আছিল।

সুৰেখা চিকৰীয়ে ১৯৭৮ চনত ‘কিচা কুৰ্চি কা’ চলচ্চিত্ৰৰ দ্বাৰা আত্মপ্ৰকাশ কৰিছিল।

তেওঁ তামাস (১৯৮৮), মাম্মো (১৯৯৫) আৰু বধাই হো (২০১৮)ত কৰা বলিষ্ঠ অভিনয়ৰ বাবে তিনিবাৰ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

তেওঁ জনপ্ৰিয় বালিকা বধুত তেওঁৰ অভিনয়ৰ বাবে গুৰুত্ব লাভ কৰিছিল। আয়ুষ্মান খুৰানা অভিনীত ‘বধাই হো’ত তেওঁৰ অভিনয়ে যথেষ্ট প্ৰশংসা লাভ কৰিছিল।

তেওঁক শেষবাৰৰ বাবে নেটফ্লিক্সৰ সংকলন পৰিচালক জয়া আখটাৰৰ চুটি ছবি ‘ঘোষ্ট ষ্টোৰিজ’ত দেখা গৈছিল।

উল্লেখ্য যে ২০২০ চনত ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

ইয়াৰ আগতে ২০১৮ চনত সুৰেখাৰ বাথৰুমত পৰি মূৰত আঘাত পোৱাৰ পিছত ব্ৰেইন ষ্ট্ৰ’ক হৈছিল। তেওঁ দ্বিতীয় ব্ৰেইন ষ্ট্ৰ’কৰ পৰা উদ্ভৱ হোৱা জটিলতাত ভুগি আছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button