fbpx
অসমীয়াৰাষ্ট্ৰীয়

প্ৰবীণ অভিনেতা অশোক কুমাৰৰ কন্যা তথা অভিনেত্ৰী ভাৰতী জাফৰীৰ মৃত্যু

নিউজ ডেস্কঃ বলীউডৰ প্ৰবীণ অভিনেতা অশোক কুমাৰৰ কন্যা ভাৰতী জাফৰীৰ দেহাৱসান। শাৰীৰিক অসুস্থতাৰ বাবে কিছুদিন চিকিৎসাধীন হৈ থকাৰ অন্তত মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে ভাৰতী জাফৰীয়ে।

একেৰাহে ছবি পৰিচালক তথা অভিনেত্ৰী ভাৰতী জাফৰীয়ে ছবিপ্ৰেমীক কেইবাখনো হিট ছবি উপহাৰ দিবলৈ সক্ষম হৈছিল। তেওঁৰ দ্বাৰা পৰিচালিত অন্যতম হিন্দী ছবি হৈছে- ‘হাজাৰ চৌৰসী কী মা’, ‘ছানছ’, ‘দমন: ভিক্টিম অৱ মেৰিটেল ভায়’লেন্স’ আদি।

অভিনেত্ৰী তথা ছবি পৰাচালক গৰাকীৰ মৃত্যুৰ কথা সদৰী কৰি তেওঁৰ সৈতে পাৰ কৰা কিছু অন্তৰংগ মুহূৰ্তৰ স্মৃতি ৰোমন্থন কৰে অভিনেত্ৰী-পৰিচালক নন্দিতা দাসে। তেওঁ কয়, ‘ভাৰতী জাফৰী আছিল এগৰাকী অতি সজীৱ মহিলা। সকলোৱে তেওঁক মিছ কৰিব। উদ্যোগটোৰ অন্যতম প্ৰতিভাৱান অভিনেত্ৰী আছিল তেওঁ।’’

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!