প্ৰবল ভূমিকম্পই জোকাৰি গ’ল এখন দেশ! কমেও ৫ শতাধিকৰ মৃত্যু

নিউজ ডেস্কঃ প্ৰবল ভূমিকম্পই জোকাৰি গ’ল এখন দেশ। বুধবাৰে পুৱা সংঘটিত ভূমিকম্পত কমেও পাঁচ শতাধিক জনৰ মৃত্যু ঘটাৰ আশংকা কৰা হৈছে।

জানিব পৰা মতে, বুধবাৰে পুৱা আফগানিস্তানত অনুভূত হয় ৬.১ তীব্ৰতাৰ ভূমিকম্পটো। স্থানীয় বাতৰি অনুসৰি ভূমিকম্পৰ ফলত ৫০০ ৰো অধিক লোকৰ মৃত্যু ঘটাৰ লগতে সহস্ৰাধিক লোক আহত হৈছে।

image 197
প্ৰবল ভূমিকম্পই জোকাৰি গ’ল এখন দেশ! কমেও ৫ শতাধিকৰ মৃত্যু 3

আনহাতে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মতে, এই ভূমিকম্পত নিহতৰ সংখ্যা এহাজাৰৰো অধিক হ’ব পাৰে।

আমেৰিকাৰ ভূতাত্ত্বিক সমীক্ষা অনুসৰি আফগানিস্তানৰ খোষ্ট চহৰৰ পৰা প্ৰায় ৪৪ কিলোমিটাৰ দূৰত্বত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল আৰু ইয়াৰ গভীৰতা আছিল ৫১ কিলোমিটাৰ।

image 198
প্ৰবল ভূমিকম্পই জোকাৰি গ’ল এখন দেশ! কমেও ৫ শতাধিকৰ মৃত্যু 4

এই ভূমিকম্প ইমানেই প্ৰবল আছিল যে চুবুৰীয়া দেশ পাকিস্তানৰ কুৱেটাৰ লাহোৰ, মুলটানতো ভূমিকম্পৰ অনুভূত হয়। ভাৰতৰো কোনো কোনো অঞ্চলত মৃদু কম্পন অনুভূত হয়।

খবৰ অনুসৰি, ইয়াৰ পূৰ্বে মঙলবাৰে নিশা পাকিস্তানতো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল। মঙলবাৰে বিয়লি ২.২৪ বজাত অনুভূত হোৱা ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেলত আছিল ৬.১।

অৱশ্যে সৌভাগ্যক্ৰমে পাকিস্তানত এই ভূমিকম্পৰ ফলত কোনো প্ৰাণহানি হোৱা নাই বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও মালয়েছিয়াতো গভীৰ নিশা ভূমিকম্পৰ কঁপনি অনুভূত হৈছিল। য’ত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১।