প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতীয় নৌ সেনাক অৰ্পন কৰিলে দেশীয় প্ৰযুক্তিৰে নিৰ্মিত INS Vikrant…

ভাৰতীয় নৌসেনাৰ অন্তৰ্ভুক্ত হ’ল দেশীয় প্ৰযুক্তিৰে নিৰ্মিত INS Vikrant

প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতীয় নৌ সেনাক অৰ্পন কৰিলে সৰ্বশক্তি মান যুদ্ধ জাহাজ।

image 9
প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতীয় নৌ সেনাক অৰ্পন কৰিলে দেশীয় প্ৰযুক্তিৰে নিৰ্মিত INS Vikrant... 4

এবছৰৰ পৰীক্ষণৰ পিছত প্ৰধানমন্ত্ৰী মোডীয়ে আজি নৌসেনাক অৰ্পন কৰিলে আই এন এছ বিক্ৰান্ত।

২০ হাজাৰ কোটি টকাৰ ব্যয়ত প্ৰস্তুত হোৱা আই.এন.এছ. বিক্ৰান্ত অত্যাধুনিক সুবিধাৰে সজ্জিত।

ই এতিয়ালৈকে ভাৰতৰ সামুদ্ৰিক ইতিহাসৰ সৰ্ববৃহৎ জাহাজ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে কোচীত কোচিন শিপইয়ৰ্ডত এই জাহাজখন মুকলি কৰে।

ভাৰতত নিৰ্মাণ হোৱা সৰ্ববৃহৎ যুদ্ধ জাহাজ আইএনএছ বিক্ৰান্ত ২৬২ মিটাৰ দীঘল আৰু ৬২ মিটাৰ বহল।

আই.এন.এছ. বিক্ৰান্তৰ গ্ৰাউণ্ডিং পৰীক্ষণ নৱেম্বৰত আৰম্ভ হ’ব আৰু ২০২৩ চনৰ মাজভাগত সম্পূৰ্ণ হ’ব।

image 10
প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতীয় নৌ সেনাক অৰ্পন কৰিলে দেশীয় প্ৰযুক্তিৰে নিৰ্মিত INS Vikrant... 5

প্ৰধানমন্ত্ৰী মোদীয়ে এই অনুষ্ঠানত কয়, ‘‘বিক্ৰান্ত কেৱল এখন যুদ্ধ জাহাজ নহয়, এয়া ২১ শতিকাৰ ভাৰতৰ অংগীকাৰ প্ৰমাণ কৰে। বিক্ৰান্ত বিশাল আৰু ভৱ্য, বিক্ৰান্ত পৃথক, বিক্ৰান্ত বিশেষ।

প্ৰধানমন্ত্ৰীয়ে কয়- যদি লক্ষ্য দুৰন্ত হয়, যাত্ৰা দিগন্ত হয়, সমুদ্ৰ আৰু প্ৰত্যাহ্বান অনন্ত হয়, তেতিয়া ভাৰতৰ উত্তৰ বিক্ৰান্ত। আজাদী কা অমৃত মহোৎসৱৰ অতুলনীয় অমৃত বিক্ৰান্ত। আত্মনিৰ্ভৰ হোৱা ভাৰতৰ অদ্বিতীয় প্ৰতিবিম্ব বিক্ৰান্ত।

image 11
প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতীয় নৌ সেনাক অৰ্পন কৰিলে দেশীয় প্ৰযুক্তিৰে নিৰ্মিত INS Vikrant... 6

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ উপৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হিৰকুমাৰ আৰু আন গণ্য–মান্য ব্যক্তি উপস্থিত থাকে।