প্ৰধানমন্ত্ৰী মোডীক হত্যাৰ ষড়যন্ত্ৰ! গ্ৰেপ্তাৰ কৰা হ’ল ২ সন্ত্ৰাসবাদীক

নিউজ ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যা কৰাৰ এক ষড়যন্ত্ৰ শেহতীয়াকৈ পোহৰলৈ আহিছে। এই সংক্ৰান্তত বৃহস্পতিবাৰে পাটনাৰ পৰা দুজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আৰক্ষী সূত্ৰই সদৰী কৰা মতে, প্ৰধানমন্ত্ৰী মোডীয়ে মঙলবাৰে বিহাৰৰ দেওঘৰত বিমানবন্দৰ উদ্বোধন কৰিবলৈ যোৱাৰ সময়তে তেওঁক হত্যাৰ পৰিকল্পনা ৰচনা কৰা হৈছিল। গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদী দুজনে মোডীৰ ভ্ৰমণৰ এপষেক পূৰ্বে বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰি মোডীক হত্যাক প্ৰস্তুতি চলাইছিল।

ধৃত দুয়োজন সন্ত্ৰাসবাদীক আথাৰ পাৰভেজ আৰু মহম্মদ জালালুদ্দিন বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, ফুলৱাৰী শ্বৰীফ অঞ্চলত ৬ আৰু ৭ জুলাইত মোডীৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰিবলৈ দুয়োজনে বিশেষ প্ৰস্তুত চলাইছিল। কিন্তু বিহাৰ আৰক্ষীয়ে ফুলৱাৰী শ্বৰীফত তালাচী চলাই দুয়োজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাৰ লগতে বহুতো নথি উদ্ধাৰ কৰা কৰিবলৈ সক্ষম হয়।

photo1657788001
প্ৰধানমন্ত্ৰী মোডীক হত্যাৰ ষড়যন্ত্ৰ! গ্ৰেপ্তাৰ কৰা হ’ল ২ সন্ত্ৰাসবাদীক 2

সন্ত্ৰাসবাদী দুজনৰ পৰা উদ্ধাৰ হোৱা নথিপত্ৰ অনুসৰি, দুয়োজন সন্ত্ৰাসবাদীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক ইছলামিক ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে।

একে সময়তে, আন এক চাঞ্চল‍্যকৰ খবৰে উদ্বেগ বৃদ্ধি কৰিছে আৰক্ষীৰ মাজত। জানিব পৰা মতে, ধৃত দুই সন্ত্ৰাসবাদীৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তৰ বহু লোকে ফুলৱাৰী শ্বৰীফ অঞ্চললৈ আহি অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। সমৰ কলা শিক্ষাৰ নামত তেওঁলোকক তৰোৱাল আৰু চুৰি চলাবলৈ শিক্ষা দিয়া হৈছিল। চিচিটিভি ফুটেজৰ পৰা এই তথ্য প্ৰমাণিত হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে।

বিহাৰ আৰক্ষীয়ে জনোৱা মতে গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদী মহম্মদ জালালুদ্দিন ঝাৰখণ্ডৰ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু আনজন সন্ত্ৰাসবাদী পাৰভেজ সন্ত্ৰাসবাদী সংগঠন চিমিৰ সৈতে জড়িত আছিল। দুয়োজন বৰ্তমান পিএফআইৰ সৈতে জড়িত। তেওঁলোকক বৰ্তমান বিহাৰ আৰক্ষীয়ে জেৰা কৰি আছে বুলি জানিব পৰা গৈছে।