প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ত কোকৰাঝাৰৰ উৰণীয়া সেতুৰ কথা…

দেওবাৰে “মন কী বাত” অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ মুখত উচ্চাৰিত হল কোকৰাঝাৰ চহৰৰ টেঙাপাৰা -খাৰগাঁৱ তথা গোল্ডেন জুবিলি পথ সংযোগী উৰণীয়া সেতুখনৰ কথা।

স্বচ্ছতা অভিযানৰ বিষয়ে বক্তব্য ৰখাৰ সময়তে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন কী বাত অনুষ্ঠানত কোকৰাঝাৰৰ এই উৰণীয়া সেতুখনৰ চাফ চিকুণতাক শলাগে আৰু একাংশ লৈ অহা পদক্ষেপৰ প্ৰশংসা কৰে।

G6 12
প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত'ত কোকৰাঝাৰৰ উৰণীয়া সেতুৰ কথা… 2

প্রণিধানযোগ্য যে ২০২০ চনৰ ২৭ জানুৱাৰীত সম্পাদিত হোৱা বিটিআৰ চুক্তিৰ পিচত একেটা বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে উৰণীয়া সেতু সংলগ্ন জাংখ্রিথাই ফৌথাৰত আয়োজিত এক বিশাল গন সমাৱেশত অংশ গ্ৰহণ কৰিছিল।

তাৰ সম্পূৰ্ণ দুটা বছৰৰ পিছত প্ৰধানমন্ত্ৰীয়ে পুনৰ কোকৰাঝাৰ চহৰৰ নাম লৈ উৰণীয়া সেতুখনৰ চাফ চিকুণতাৰ কথা উল্লেখ কৰে।

উল্লেখ্য যে, কোকৰাঝাৰ চহৰত নিৰ্মিত এই উৰণীয়া সেঁতুখনে চহৰখনৰ যান জঁটৰ সমস্যা লাঘৱ কৰাই নহয়, চহৰখনৰ সৌন্দৰ্য্য বৰ্ধনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

এই উৰণীয়া সেতুখনৰ নাম প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বিশেষ অনুষ্ঠানত উচ্চাৰণ কৰাৰ পিছতে কোকৰাঝাৰবাসী উৎফুল্লিত হৈ পৰিছে।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই আন্দােলনৰ অংশীদাৰসকলক উৎসাহিত কৰাৰ বাবে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ কৃতজ্ঞতা জনাইছে।

Leave a Comment