প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে পোষ্ট কৰোতে সাৱধান হোৱা উচিত জন প্ৰতিনিধি, অন্যথা সহ্য নকৰে বিজেপি কৰ্মীয়েঃ সকিয়নী বিজেপি নেতাৰ

নিউজ ডেস্ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে সামাজিক মাধ্যমত পোষ্ট কৰাৰ পূৰ্বে সাৱধান হোৱা উচিত জন প্ৰতিনিধিসকল।

– এই সকিয়নী বিজেপিৰ যুৱ নেতা তথা বিটিচিৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ।

গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপি নেতাজনে কয় যে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কৰা মন্তব্য বিজেপি কৰ্মীয়ে কেতিয়াও সহ্য নকৰে।

জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰ জৰিয়তে সকলোৰে মাজত এই বাৰ্তা প্ৰেৰণ কৰা হৈছে বুলিও মন্তব্য কৰে অৰূপ কুমাৰ দেয়ে।

এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত অৰূপ কুমাৰ দেয়ে কয় যে তেওঁ মেৱানীৰ টুইট দীৰ্ঘ সময়ৰ পৰা অনুসৰণ কৰি আহিছে।

তেওঁ কয়, ‘মেৱানীয়ে নিজৰ পদৰ দ্বাৰা মানুহক বিভক্ত কৰিবলৈ চেষ্টা কৰি আহিছে আৰু সদায় প্ৰধানমন্ত্ৰী মোডীৰ বিষয়ে নেতিবাচক কথা কৈ আহিছে। আমি ভাগ্যৱান যে মোডীজীক আমাৰ প্ৰধানমন্ত্ৰী হিচাপে পাইছো আৰু মেৱানীয়ে তেওঁৰ নাম শেহতীয়া (হিংসাত্মক ঘটনা)ৰ সৈতে সংযোগ কৰিবলৈ চেষ্টা কৰি আছে। গুজৰাটৰ হিংসাৰ বাবে প্ৰধানমন্ত্ৰী মোডী দায়ী নেকি? মেৱানীয়ে কয় যে গডছে প্ৰধানমন্ত্ৰী মোডীৰ ঈশ্বৰ। কিন্তু তেওঁৰ ওচৰত ইয়াৰ কি প্ৰমাণ আছে?”

বিজেপি নেতাজনে পুনৰ কয়, ”আমি বিজেপি কৰ্মীসকলে প্ৰধানমন্ত্ৰী মোডীজীৰ বিষয়ে এনে ধৰণৰ বিভ্ৰান্তিকৰ আৰু ষড়যন্ত্ৰমূলক পোষ্ট আৰু টুইট সহ্য নকৰোঁ। এই অভিযোগৰ জৰিয়তে আমি আন, বিশেষকৈ জনপ্ৰতিনিধিসকললৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰো যে তেওঁলোকে প্ৰধানমন্ত্ৰী মোডীৰ বিষয়ে টুইট কৰাৰ সময়ত সাৱধান হোৱা উচিত। মেৱানীয়ে এটা নিৰ্দিষ্ট সম্প্ৰদায়ক উত্তেজিত কৰিব বিচাৰিছিল। তেওঁৰ টুইটটোৱে ইংগিত দিয়ে যে তেওঁ শেহতীয়া গুজৰাট হিংসাৰ বাবে প্ৰধানমন্ত্ৰীক দোষাৰোপ কৰিছে। যিকোনো লোকে প্ৰধানমন্ত্ৰীক শান্তিৰ বাবে আহ্বান জনাব পাৰে, কিন্তু কোনো ৰাজ্যতে হিংসাৰ বাবে এজন প্ৰধানমন্ত্ৰীক দোষাৰোপ কৰিব নোৱাৰে।”

ইফালে জিগনেশ মেৱানীক তৎপৰাৰে গ্ৰেপ্তাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাতো পঞ্চমুখ হৈ পৰে অৰূপ কুমাৰ দে। মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম আৰক্ষী এতিয়া অধিক সক্ৰিয় হৈ পৰিছে বুলি তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে, গুজৰাটকৰ ভাদগামৰ দলিত নেতা তথা কংগ্ৰেছ সমৰ্থিক বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰাৰ পিছত কোকৰাঝাৰলৈ লৈ আনে অসম আৰক্ষীয়ে। তাৰ পিছত তেওঁ আদালতত হাজিৰ কৰোৱাত ৩ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

দেওবাৰে এই জিম্মাৰ ম্যাদ উকলাৰ পিছত পুনৰ মেৱানীক কোকৰাঝাৰৰ জিলা দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়, য’ত তেওঁক এদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Leave a Comment