
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত নিৰাপত্তাৰ ত্ৰুটিৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে এখন সমিতি গঠন কৰিছে। এই সমিতিখনৰ নেতৃত্ব প্ৰদান কৰা হৈছে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইন্দু মালহোত্ৰাক।
মুখ্য ন্যায়াধীশ এনভি ৰমনা অধ্যক্ষতাত ন্যায়াধীশ সূৰ্যকান্ত আৰু হিমা কোহলীৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ক্ৰুতি গোচৰৰ শুনানি গ্ৰহণ কৰি বুধবাৰে কয় যে নতুন সমিতিখনে নিৰাপত্তা উলংঘনৰ কাৰণ, উলংঘনৰ বাবে দায়বদ্ধ ব্যক্তি আৰু ভৱিষ্যতৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উলংঘন প্ৰতিহত কৰিবলৈ ল’বলগীয়া ব্যৱস্থাসমূহৰ ওপৰত চকু দিব।

ইফালে উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া তদন্তকাৰী সমিতিখনৰ আন সদস্যসকলৰ ভিতৰত থাকিব এনআইএৰ সঞ্চালক প্ৰধান, পঞ্জাৱ নিৰাপত্তাৰ সঞ্চালক প্ৰধান আৰু পঞ্জাৱ হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধানৰ লগতে অন্যান্য সদস্যসকল।

পেনেলখন গঠন কৰোঁতে, উচ্চতম ন্যায়ালয়ে কয় যে স্বতন্ত্ৰ সমিতিয়ে ইয়াৰ বাবে দায়বদ্ধ ব্যক্তিসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব আৰু নিৰাপত্তাৰ ত্ৰুটিৰ বাবে ভৱিষ্যতে এনে ঘটনা পৰিহাৰ কৰাৰ পদক্ষেপ ল’ব।
শুনানি কালত বিচাৰপীঠে জোৰ দি কয় যে এনে প্ৰশ্নবোৰ একপক্ষীয় প্ৰশ্নৰ বাবে মুকলি ৰাখিব নোৱাৰি। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োটাই বিষয়টো চাবলৈ তেওঁলোকৰ নিজা সমিতি গঠন কৰিছিল। শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰ আৰু পঞ্জাৱ চৰকাৰ দুয়োকে গোচৰটোত তেওঁলোকৰ নিজ নিজ তদন্ত আগ নবঢ়াবলৈ নিৰ্দেশ দিয়ে।
[BREAKING] PM Modi Security Breach: Supreme Court orders probe by committee headed by retired SC judge Justice Indu Malhotra
— Bar & Bench (@barandbench) January 12, 2022
report by @DebayonRoy #SupremeCourt #PMModiSecurityBreach #SupremeCourtofIndia @PMOIndia
Read story: https://t.co/3zbRtsdhWe pic.twitter.com/3E4V6mlFP3
ইয়াৰ পূৰ্বে শুনানিৰ সময়ত বিচাৰপীঠে কয়, “আমি প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উলংঘনক অতি গুৰুত্বসহকাৰে লৈছো।” তদন্তকাৰী সমিতিখনক কম সময়ৰ ভিতৰতে ন্যায়ালয়ৰ ওচৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।
উল্লেখ্য যে, জ্যেষ্ঠ অধিবক্তা মনিন্দৰ সিঙৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা এনজিঅ’ লয়াৰ্ছ ভইচৰ দ্বাৰা দাখিল কৰা এখন আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ প্ৰদান কৰে সৰ্বোচ্ছ ন্যায়ালয়ে। আবেদনকাৰীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বিসংগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু পূৰ্বৰ শীৰ্ষ ন্যায়ালয়ৰ ৰায়ৰ উদ্ধৃতি দিছিল যিয়ে এছপিজি আইনৰ ওপৰত চকু দিছিল।

উল্লেখ্য যে, যোৱা ৫ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোডীয়ে পঞ্জাৱৰ ফিৰোজপুৰত এখন ৰেলী সম্বোধন কৰিবলৈ ৰাওনা হৈছিল। তেওঁ ভাটিণ্ডা বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত ৰেলীস্থলীলৈ হেলিকপ্টাৰৰে যোৱাৰ কথা আছিল যদিও বতৰ কিছু বেয়া হোৱাত অৱশেষত তেওঁ স্থলপথেদিয়াই যোৱাৰ সিদ্ধান্ত লয়।
কিন্তু হুছেইনিৱালাৰ ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত হবৰ খবৰ লাভ হয় যে একাংশ কৃষকে প্ৰধানমন্ত্ৰীৰ যাত্ৰাৰ বাবে নিৰ্ধাৰিত কৰা পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। তাৰ পিছতে প্ৰায় ২০ মিনিট সময় প্ৰধানমন্ত্ৰীৰ কনভয় উৰণীয়া সেতুত আৱদ্ধ হৈ পৰে। আৰু তাৰ পিছতে কাৰ্যসূচী বাতিল কৰি দিল্লীলৈ উভতি আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
আনহাতে প্ৰধানমন্ত্ৰীৰ কনভয় উৰণীয়া সেতুত কিছুসময়ৰ বাবে আৱদ্ধ হৈ পৰাৰ বিষয়টো এতিয়া প্ৰধানমন্ত্ৰী নিৰাপত্তাৰ বিসংগতিক লৈ সাঙোৰ খাই পৰিছে। কেন্দ্ৰীয় চৰকাৰী ঘটনাৰ পিছতে এখন সমিতি গঠন কৰি পঞ্জাৱ চৰকাৰক ২৪ ঘণ্টাৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল। অৱশ্যে পিছত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ এই সমিতি ভংগ কৰে।