ৰাষ্ট্ৰীয়অসমীয়া

প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাক লৈ হেতালি! শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তাত সংঘটিত ক্ৰুটিক লৈ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ে শুকুৰবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

ন্যায়ালয়ে আবেদনকাৰীক আৱেদনখনৰ প্ৰতিলিপি পঞ্জাৱ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে, জ্যেষ্ঠ অধিবক্তা মনিন্দৰ সিঙে মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ বিচাৰপীঠৰ সন্মুখত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত সংঘটিত ত্ৰুটিৰ বিষয়টো উত্থাপন কৰিছিল। মনিন্দৰ সিঙে কয় যে ভৱিষ্যতে যাতে এনে ঘটনা পুনৰ সংঘটিত নহয় তাৰ বাবে পেছাদাৰী আৰু দক্ষ তদন্তৰ প্ৰয়োজন।

তেওঁ আৱেদনখনত নিৰাপত্তা উলংঘনৰ পুংখানুপুংখ তদন্তৰ লগতে পঞ্জাৱৰ ডিজিপি আৰু মুখ্য সচিবক নিলম্বন কৰাৰ দাবী জনায়। আনহাতে বাথিন্দা জিলা ন্যায়াধীশক প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে আৰক্ষীৰ ব্যৱস্থা সম্পৰ্কীয় সকলো প্ৰমাণ দাখিল কৰিবলৈ নিৰ্দেশ দিবলৈও ন্যায়ালয়ত আহ্বান জনায় আবেদনকাৰীয়ে।

আবেদনখনত ঘটনাটোৰ ওপৰত প্ৰতিবেদন লোৱা, পঞ্জাৱ চৰকাৰক উপযুক্ত নিৰ্দেশনা দিয়া আৰু দোষী সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা আৰু এনে উলংঘনৰ পুনৰাবৃত্তি প্ৰতিহত কৰিবলৈ চেষ্টা কৰাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণৰ আহ্বান জনোৱা হয়।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে বুধবাৰে পঞ্জাৱৰ ফিৰোজপুৰত উপস্থিত হৈ ৪২,৭৫০ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ কথা আছিল। কিন্তু বাটত হোৱা প্ৰতিবাদৰ বাবে তেওঁৰ কনভয় আবদ্ধ হৈ পৰে। যাৰ ফলত তেওঁ উভতি আহিবলৈ বাধ্য হয়।

ইফালে, গৃহ মন্ত্ৰালয়ে তৎক্ষণাৎ বিষয়টো বিবেচনা কৰিছে আৰু পঞ্জাৱ চৰকাৰৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই পঞ্জাৱ আৰক্ষীৰ ওপৰত অৱহেলাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে এই প্ৰতিবাদ সম্পৰ্কে চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছতো পঞ্জাৱ আৰক্ষীয়ে ‘ব্লু বুক’ নিয়ম অনুসৰণ কৰা নাছিল। বিশেষ সুৰক্ষা গোটৰ (এছপিজি) ব্লু বুকত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ওপৰত নিৰ্দেশনা দিয়া হৈছে। তেওঁ কয় যে এছপিজি জোৱানসকলে প্ৰধানমন্ত্ৰীক সুৰক্ষা প্ৰদান কৰে, কিন্তু বাকী নিৰাপত্তা ব্যৱস্থাসমূহ ৰাজ্য চৰকাৰৰ দায়িত্ব।

প্ৰণিধানযোগ্য যে, প্ৰধানমন্ত্ৰীয়ে বুধবাৰে প্ৰথমে ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকত উপস্থিত হৈ প্ৰকল্পসমূহ উদ্বোধন কৰাৰ কথা আছিল। তেওঁ ইয়াৰ বাবে হেলিকপ্টাৰেৰে যাত্ৰা কৰাৰ কথা আছিল যদিও বেয়া বতৰৰ বাবে শেষ মুহূৰ্তত স্থলপথেৰে গন্তব্যস্থানলৈ যোৱাৰ সিদ্ধান্ত লয়। কিন্তু প্ৰধানমন্ত্ৰীৰ কনভয় যাত্ৰা কৰা পথটোত একাংশ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰাৰ খবৰ পোৱাৰ পিছত তেওঁৰ কনভয় গন্তব্যস্থানৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৰ ফ্লাই অভাৰত প্ৰায় ২০ মিনিট সময় ৰবলগীয়া হয়। তাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে কাৰ্যসূচী বাতিল কৰি উভতি আহে।

আনহাতে যি ঠাইত প্ৰধানমন্ত্ৰীৰ কনভয় আবদ্ধ হৈ পৰিছিল, সেই স্থানৰ পৰা ভাৰত-পাক সীমান্তলৈ মাত্ৰ ১০ কিলোমিটাৰ দূৰত্ব হেতু প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা অতি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছিল।

ইফালে প্ৰধানমন্ত্ৰীয়ে কাৰ্যসূচী বাতিল কৰি উভতি যোৱাৰ সৈতে নিৰাপত্তাৰ ক্ৰুটিৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিত সিং চন্নীয়ে। সমাগত পঞ্জাৱ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থাত ক্ৰুটিৰ এখন ৰাজনৈতিক নাটক ৰচনা কৰা বুলি অভিযোগ তুলিছে কংগ্ৰেছেও।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button