প্ৰদীপ দত্তৰ ৰয়ৰ দৰে দালালক সুধি আমি আন্দোলন নকৰোঃ শৃংখল চলিহা…

ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন অব্যাহত থাকিলে অসম তিনি টুকুৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰা বঙালী নেতা প্ৰদীপ দত্ত ৰয়ক উভতি ধৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই।

শিৱসাগৰৰ পৰা অসমক বিভক্ত কৰিম বুলি হুংকাৰ দিয়া বাঙালী বুদ্ধিজীৱীক প্ৰত্যুত্তৰ শৃখংল চলিহাৰ।

শৃংখল চলিহাই কয়- প্ৰদীপ দত্ত ৰয়ৰ দৰে মানুহসকল চৰকাৰৰ এজেণ্ট, চৰকাৰৰ পৃষ্ঠপোষকতাত পুহি থকা কিছুমান গুন্দা। প্ৰদীপ দত্ত ৰয়ৰ দৰে এজন হিন্দু বাংলাদেশীৰ ৰক্ষকে অসমক ত্ৰিখণ্ডিত কৰাৰ ভাবুকি দিবলৈ ক’ৰ পৰা সাহস পালে ?

তেওঁ লগতে কয়- অসমৰ খিলঞ্জীয়া সত্তাই ক’ত কেতিয়া আন্দোলন কৰিব সেইটো প্ৰদীপ দত্ত ৰয়ৰ দৰে দালালক সুধি নকৰে। হিন্দুৱে হওক বা মুছলমানেই হওক আমি বাংলাদেশী খেদিবলৈ বদ্ধপৰিকৰ।

হিন্দু বাংলাদেশীৰ প্ৰতিক্ৰিয়া খিলঞ্জীয়া মানুহে ভয় নকৰে। আমি আমাৰ সংগ্ৰাম কৰি যাম।- শৃংখল চলিহা।

উল্লেখ্য যে, কা আন্দোলনৰ বিৰোধীতা কৰি প্ৰদীপ দত্ত ৰয়ে কৰিছিল এক বিতৰ্কিত মন্তব্য।

তেওঁ কৈছিল- আছু, এজেৱাইচিপি কে আদি সংগঠনবোৰে মিলি যি ‘কা’ বিৰোধী আন্দোলন আৰম্ভ কৰিছে সেইটো অসমৰ বাবে এক বিৰাট অশনি সংকেট। যদি তেওঁলোকে অসম আন্দোলনৰ নিচিনা বঙাল খেদা আন্দোলন কৰিব বিচাৰে তেতিয়াহ’লে কিন্তু অসমখন তিনি টুকুৰা হ’ব। এইটো আছুক আমি সকীয়নি দিছো।