প্ৰথম বিভাগত উত্তীৰ্ণ সকলো ছাত্ৰীয়ে পাব স্কুটী, ৭৫ শতাংশ নম্বৰ প্ৰাপ্ত ছাত্ৰয়ো লাভ কৰিব স্কুটী…

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ।

উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ সকলো ছাত্ৰীয়ে লাভ কৰিব স্কুটী।

এই কথা সদৰি কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুই।

লগতে ৭৫ শতাংশ নম্বৰ প্ৰাপ্ত ছাত্ৰ সকলকো স্কুটী প্ৰদান কৰা হ’ব বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে সদৰি কৰিছে।

উল্লেখ্য যে, ক’ভিডৰ বাবে যোৱাবছৰ শিক্ষাৰ্থীসকলক স্কুটী প্ৰদান কৰা হোৱা নাছিল।

ইপিনে শিক্ষামন্ত্ৰী গৰাকীয়ে অসমত নতুনকৈ ৫খন সৈনিক স্কুল স্থাপন কৰা হ’ব বুলি সদৰি কৰিছে।

পি পি পি মোডত স্থাপন হ’ব এই সৈনিক স্কুল কেইখন।

এই সৈনিক স্কুল পাঁচখন ক্ৰমে- শিলচৰ, কোকৰাঝাৰ, গোলাঘাট, কাৰ্বিআংলং আৰু ধেমাজিত নিৰ্মাণ হ’ব বুলিও সদৰি কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।