প্ৰথমে বিধায়ক, তাৰ পিছত দৰা! জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিলে কনিষ্ঠতম বিধায়ক আশ্ৰাফুল হুছেইনে…

May 28, 2021 0 By NEWS DESK

নিউজ ডেস্ক। জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিলে অসম বিধানসভাৰ কনিষ্ঠতম বিধায়ক আশ্ৰাফুল হুছেইনে।

বিবাহপাশত আবদ্ধ হ’ল চেঙা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক আশ্ৰাফুল হুছেইনে।

বিধায়ক হিচাপে শপতগ্ৰহণৰ মাত্ৰ ৫ দিনৰ পিছতে বিয়াত বহিল চেঙা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়কজনে।

পঞ্চদশ অসম বিধান সভাৰ কনিষ্ঠতম বিধায়ক ২৭ বছৰীয়া আশ্ৰাফুল হুছেইনে ছয়গাঁৱৰ ৰেহেনা ছুলতানাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

বিধায়ক পত্নী ৰেহেনা ছুলতানা বৰ্তমান এগৰাকী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী। 

সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ বাবেই বিধায়ক আশ্ৰাফুল হুছেইনে আনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰে তেওঁৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান।

বিধায়ক আশ্ৰাফুল হুছেইন আৰু ৰেহেনা ছুলতানাৰ যুগ্ম জীৱনৰ শুভেচ্ছা জনালে বহুতেই।