প্ৰথমবাৰৰ বাবে হিন্দী সাহিত্যই আঁজুৰিলে সাহিত্যৰ অস্কাৰ খ্যাত আন্তঃৰাষ্ট্ৰীয় বুকাৰ পুৰস্কাৰ…

দেশবাসীৰ বাবে এক ভাল খবৰ।

প্ৰথমবাৰৰ বাবে হিন্দী সাহিত্যই আজুঁৰিলে সাহিত্যৰ অস্কাৰ খ্যাত আন্তঃৰাষ্ট্ৰীয় বুকাৰ পুৰস্কাৰ।

গীতাঞ্জলি শ্ৰীৰ হিন্দী উপন্যাস ‘ৰেট সমাধি’য়ে লাভ কৰিছে ২০২২ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ পুৰস্কাৰ।

image 131
প্ৰথমবাৰৰ বাবে হিন্দী সাহিত্যই আঁজুৰিলে সাহিত্যৰ অস্কাৰ খ্যাত আন্তঃৰাষ্ট্ৰীয় বুকাৰ পুৰস্কাৰ... 4

উল্লেখ কৰা প্ৰয়োজন যে, হিন্দী উপন্যাসৰ বাবে এয়াই হৈছে প্ৰথমটো বুকাৰ সন্মান।

গীতাঞ্জলি শ্ৰীৰ উপন্যাস ‘ৰেট সমাধি’ৰ ইংৰাজী অনুবাদ ডেজী ৰকৱেলে ‘Tomb of Sand’ নামেৰে কৰিছে, যিয়ে ২০২২ৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ পুৰস্কাৰ লাভ কৰিছে।

image 129
প্ৰথমবাৰৰ বাবে হিন্দী সাহিত্যই আঁজুৰিলে সাহিত্যৰ অস্কাৰ খ্যাত আন্তঃৰাষ্ট্ৰীয় বুকাৰ পুৰস্কাৰ... 5

ইপিনে এই সন্মান লাভ কৰাৰ পাছতে সাহিত্যিক গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- এয়া মোৰ বাবে বিৰল প্ৰাপ্তি। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ অনুৰাগীয়েও যেতিয়া মনৰ ভাৱ বুজি পাই ইমান প্ৰশংসাৰে উপচাই পেলায় তাক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।

তেওঁ লগতে কয়- মই কেতিয়া বুকাৰ সন্মান লাভ কৰিম বুলি সপোন দেখা নাছিলো বা কল্পনাও কৰা নাছিলো। মোৰ বাবে এয়া সপোন সপোন যেন লগা এক অনুভৱ। সকলোলৈ কৃতজ্ঞতা।

image 130
প্ৰথমবাৰৰ বাবে হিন্দী সাহিত্যই আঁজুৰিলে সাহিত্যৰ অস্কাৰ খ্যাত আন্তঃৰাষ্ট্ৰীয় বুকাৰ পুৰস্কাৰ... 6

গীতাঞ্জলি শ্ৰীৰ ‘ৰেট সমাধি’ তেওঁৰ পঞ্চম উপন্যাস। প্ৰথম উপন্যাস ‘মাই’। ইয়াৰ পিছত তেওঁৰ উপন্যাস ‘হামাৰা শহৰ উছ বৰছ’ নব্বৈৰ দশকত প্ৰকাশ পাইছিল। কিছু বছৰ পিছত ‘তিৰোহিত’ প্ৰকাশ পাইছিল। তেওঁৰ চতুৰ্থ উপন্যাস ‘খালী জগহ’ আৰু কিছু বছৰ পূৰ্বে প্ৰকাশ পাইছিল ‘ৰেট সমাধি’।

Leave a Comment