প্ৰথমবাৰৰ বাবে জননায়ক চনু সুদৰ কাৰ্যক লৈ অসন্তুষ্ট বহু লোক! যাৰ বাব ক্ষমাও বিচাৰিবলগীয়া হ’ল অভিনেতাগৰাকীয়ে…

নিউজ ডেস্কঃ কোভিড মহামাৰীৰ পিছৰে পৰা লাখ লাখ ভাৰতীয়ৰ কাষত সহায়ৰ হাত হৈ থিয় দিয়া জননায়ক চনু সুদ এইবাৰ পৰিবলগীয়া হ’ল ৰাইজৰ ৰোষত।

শেহতীয়াকৈ অভিনেতাগৰাকীৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে ৰে’ল বিভাগকে ধৰি বিভিন্ন জনে তীব্ৰ সমালোচনা কৰিছে চনু সুদৰ।

দৰাচলতে এই ভিডিঅ’টোত ৰে’লৰ দুৱাৰমুখত বহি আছিল অভিনেতাগৰাকী। বেকগ্ৰাউণ্ডত বাজি আছিল কিশোৰ কুমাৰৰ চুপাৰহিট মুছাফিৰ হু য়্যাৰো…।

নিজৰ সুৰক্ষাক আওকান কৰি ৰে’লৰ দুৱাৰমুখত বহি অভিনেতাগৰাকীয়ে এনেধৰণে ভিডিঅ’ প্ৰস্তুত কৰাক লৈ এতিয়া সমালোচিত হৈছে তেওঁ।

নৰ্থ ৰে’লৱেয়ে চনু সুদৰ এই ভিডিঅ’টো ৰি-পোষ্ট কৰি কয় যে তেওঁ ভাৰতবাসীৰ বাবে আদৰ্শ। এনে পৰিস্থিতিত দেশলৈ ভুল বাৰ্তা প্ৰেৰণ কৰা এনে ভিডিঅ’ নিৰ্মাণ কৰিব নালাগে।

চনু সুদৰ এই ভিডিঅ’টোত ৰে’লৱেয়ে লিখিছে, ‘প্ৰিয় চনু সুদ, দেশৰ লগতে বিশ্বৰ লাখ লাখ মানুহৰ বাবে আপুনি এক আদৰ্শ। ৰেলৰ পদদলিত যাত্ৰা কৰাটো বিপদজনক, এই ধৰণৰ ভিডিঅ’ই আপোনাৰ অনুৰাগীসকললৈ ভুল বাৰ্তা প্ৰেৰণ কৰিব পাৰে। অনুগ্ৰহ কৰি এনে নকৰিব। সুচাৰু আৰু নিৰাপদ যাত্ৰা উপভোগ কৰক।’

আন বহুতেও চনু সুদক এই ভিডিঅ’টোৰ বাবে সমালোচনা কৰিছে।

যাৰ পিছত অভিনেতাগৰাকীয়ে আন এটা পোষ্ট কৰি ক্ষমা বিচৰাৰ লগতে লিখিছে, “ক্ষমা বিচাৰিছো… মই এনেয়ে বহি চাইছিলো… সেই লাখ লাখ দুখীয়া মানুহে নিশ্চয় কেনে অনুভৱ কৰি আছে, যাৰ জীৱন এতিয়াও ৰেলৰ দুৱাৰমুখতে পাৰ হৈ গৈছে। এই বাৰ্তাৰ বাবে আৰু দেশৰ ৰেল ব্যৱস্থাৰ উন্নতিৰ বাবে ধন্যবাদ।’