
নৱবৰ্ষৰ আৰম্ভণিতে গালৱানত পিএলএ সেনাই চীনা পতাকা উত্তোলন কৰাৰ এটা ভিডিঅ’ ৰাষ্ট্ৰখনৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল।
এই ভিডিঅ’টোৱে ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ মাজতে সংবাদ সংস্থা এএনআইয়ে নিৰাপত্তা সূত্ৰৰ উদ্ধৃতিৰে দুখন ছবি মুকলি কৰিছে।
সংবাদ সংস্থাটোৱে প্ৰকাশ কৰা ছবি দুখনত গালৱান উপত্যকাত ৩০ গৰাকী ভাৰতীয় সেনাক জাতীয় পতাকাৰ সৈতে দেখা পোৱা গৈছে।
অৱশ্যে এতিয়ালৈকে ভাৰতীয় সেনাই এই ছবি দুখন নিশ্চিত কৰা নাই।
উল্লেখ্য যে, পহিলা জানুৱাৰীত গালৱান উপত্যকাত চীনা সেনাই ৰাষ্ট্ৰখনৰ পতাকা হাতত লৈ ৰাষ্ট্ৰীয় সংগীত গাই থকা ভিডিঅ’ এটা প্ৰকাশ কৰিছিল দেশখনৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে।
ইয়াৰ পিছতে ভাৰতীয় সেনা জোৱান সকলৰ এই দুখন আলোকচিত্ৰই গালৱানত ৰঙা চীনৰ ষড়যন্ত্ৰক উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিছে।

আনহাতে, বাতৰি অনুসৰি, ভাৰতীয় সেনা আৰু চীনা সেনাই নৱবৰ্ষৰ আৰম্ভণিতে পশ্চিম লাডাখত ইজনে সিজনক মিঠাই বিতৰণ কৰে। হট স্প্ৰিংছ, ডেমচোক, নাথুলা আৰু কংৰা আইন অঞ্চলত দুয়ো ৰাষ্ট্ৰৰ জোৱানসকলৰ মাজত মিঠাই বিনিময় কৰাৰ দৃশ্যও পোহৰলৈ আহিছিল।
গালৱানত চীনা পতাকা উত্তোলন কৰাৰ ভিডিঅ’ এটা প্ৰমাণিত চীনা ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা পোষ্ট কৰা হৈছিল। ভিডিঅ’টোৰ সৈতে লিখা হৈছিল- “২০২২ চনৰ প্ৰথম দিনটোত, গালৱান উপত্যকাত চীনা পতাকা উত্তোলন কৰা হৈছে। পতাকাখন বিশেষ, কিয়নো এই পতাকাখন এবাৰ বেইজিংৰ তিয়ানমেন স্কোৱেৰত উত্তোলন কৰা হৈছিল।”

ভিডিঅ’টো পোহৰলৈ অহাৰ পিছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ভাৰতৰ ভূমি অধিকৃত কৰিবলৈ চীনে কৰা প্ৰয়াসৰ পিছতো ভাৰতে কিয় একো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই বুলি চৰকাৰক প্ৰশ্ন কৰে বিৰোধীয়ে।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ কৰি ছ’চিয়েল মিডিয়াত লিখে- “গালৱানৰ ওপৰত আমাৰ ত্ৰিৰংগা খনেহে সুৱগা চৰায়। চীনক প্ৰত্যুত্তৰ দিব লাগিব। মোডীজী, নীৰৱতা ভংগ কৰক।”
🇨🇳China’s national flag rise over Galwan Valley on the New Year Day of 2022.
— Shen Shiwei沈诗伟 (@shen_shiwei) January 1, 2022
This national flag is very special since it once flew over Tiananmen Square in Beijing. pic.twitter.com/fBzN0I4mCi
ইফালে, চীনা ভিডিঅ’ক লৈ বিতৰ্ক বৃদ্ধি পোৱাৰ পিছত ভাৰতে কয় যে চীনে গালৱান উপত্যকাত পতাকা উত্তোলন কৰা অঞ্চলটো সদায় চীনৰ দখলত আছে আৰু অঞ্চলটোক লৈ কোনো নতুন বিবাদৰ সৃষ্টি হোৱা নাই।
At the Galwan Valley, Chinese PLA soldiers sent New Year greetings to the Chinese people on the New Year Day of 2022. pic.twitter.com/dImZ3IpkYz
— Shen Shiwei沈诗伟 (@shen_shiwei) January 1, 2022
উল্লেখ্য যে, চীনে বাৰম্বাৰ ভাৰতৰ ভূমি অধিকৃত কৰিবলৈ চেষ্টা কৰাৰ খবৰ পোহৰলৈ আহি আছে। শেহতীয়াকৈ ৰঙা চীনে অৰুণাচল প্ৰদেশৰ ১৫ টা অঞ্চলৰ নাম ঘোষণা কৰাৰ খবৰ প্ৰকাশ কৰিছিল ৰাষ্ট্ৰখনৰ চৰকাৰী সংবাদ মাধ্যমে। অৱশ্যে ভাৰতে চীনৰ প্ৰয়াসক খাৰিজ কৰি অৰুণাচল ভাৰতত অভিন্ন অংগ বুলি মন্তব্য কৰে।