
নিউজ ডেস্কঃ ‘হিমন্ত মামা ভগৱান। তেওঁ মোৰ দেউতাৰ সমান।’ – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ওচৰৰ পৰা লগ পাই এই মন্তব্য কৰিছিল হোজাই জিলাৰ পূব নভংগাৰ নিৱাসী বিশেষভাৱে সক্ষম প্ৰিয়া দাসে।
উল্লেখ্য যে, সোমবাৰে হোজাই জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেই সময়তে প্ৰিয়া দাস নামৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱতীৰ সৈতে মুখ্যমন্ত্ৰীয়ে বাৰ্তালাপ কৰিছিল।
প্ৰিয়াই মুখ্যমন্ত্ৰীৰ সন্মুখত নিজৰ দুখ-দুৰ্দশাৰ কথা ব্যক্ত কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে দিছিল সহায়ৰ আশ্বাস।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰিয়া দাসক সহায়ৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতে মঙলবাৰে পুৱাই হোজাই জিলা প্ৰশাসনে ইউকো বেংকত প্ৰিয়াৰ নামত এটা বেংক একাউণ্ট খুলি দিয়ে।
Pained by the story of a divyangjan girl, who complained of not being able to avail Orunodoi benefits. Asked officials to take immediate step to address her concern. pic.twitter.com/IwFBJOBgli
— Himanta Biswa Sarma (@himantabiswa) July 11, 2022
ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰিয়া দাসলৈ প্ৰেৰণ কৰা ২৫ হাজাৰ টকাৰ এককালীন সাহায্যৰ চেকখন প্ৰদান কৰিবলৈ প্ৰিয়াৰ ঘৰত উপস্থিত হয় জিলা উপায়ুক্ত অনুপম চৌধুৰী আৰু স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষ।

জিলা উপায়ুক্তগৰাকীয়ে প্ৰিয়াৰ হাতত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা ২৫ হাজাৰ চেক প্ৰদান কৰাৰ লগতে এটা মোবাইল ফোন প্ৰদানৰো আশ্বাস দিয়ে।
লগতে যিকোনো অসুবিধা হ’লে যোগাযোগ কৰিব পৰাকৈ প্ৰিয়াক নিজৰ মোবাইল নম্বৰটোও দিয়ে জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে।
ইফালে মুখ্যমন্ত্ৰীয়ে সোমবাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি এই সহায় লাভ কৰি আবেগিক হৈ পৰে বিশেষভাৱে সক্ষম প্ৰিয়া দাস। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অশেষ ধন্যবাদ জ্ঞাপন কৰে।