fbpx
অসম

প্ৰতিশ্ৰুতি পূৰণত ১০০ শতাংশতকৈ অধিক সফল হৈছে ৰাজ্য চৰকাৰঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে পালন কৰে প্ৰথম বৰ্ষপূৰ্তি।

প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে চৰকাৰৰ সফলতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত্ই।

বৰ্ষপূৰ্তি সন্দৰ্ভত কেশৱ মহন্তই কয়- প্ৰতিশ্ৰুতি পূৰণত ১০০ শতাংশতকৈ অধিক সফল হৈছে ৰাজ্য চৰকাৰখন।

নিজৰ সফলতা-বিফলতা সন্দৰ্ভত কেশৱ মহন্তই কয়- ‘মুখ্যমন্ত্ৰীয়ে কাম কৰাত কোনো ক্ষেত্ৰতে বাধ্যবাধকতা কৰা নাই, যদি ক’ৰবাত কিবা কৰিব পৰা নাই সেয়া মোৰ বিফলতা।’

উল্লেখ্য যে, আজিৰে পৰাই ৰোগীৰ বাবে উপলব্ধ হৈছে GMCH ৰ ‘হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ’ (চিএন চেণ্টাৰ)ত চিকিৎসা সেৱা।

পুৱা ১০.৩০ খোদ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত GMCHৰ নতুন হাস্পতালখনত উপস্থিত হৈ বুজ ল’লে কামৰ।

চিকিৎসা সেৱা ব্যৱস্থা নিৰীক্ষণ কৰাৰ লগতে হাস্পতাল কৰ্তৃপক্ষৰ সৈতে নৱনিৰ্মিত ছুপাৰ স্পেচিয়েলিটী হাস্পতালখনৰ ব্যৱস্থাৱলীও পৰ্যালোচনা কৰে স্বাস্থ্য মন্ত্ৰীজনে।

নতুন চিকিৎসালয় পৰিদৰ্শন কৰি স্বাস্থ্যমন্ত্ৰীয়ে কয়-‘কোনো ৰোগীয়ে যাতে দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া নহয় তাৰ বাবে চেষ্টা কৰা হৈছে।’

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!