
নিউজ ডেস্ক। মুক্তিৰ পিছৰে পৰা কাশ্মীৰ ফাইলচ নামৰ কথাছবি খনে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে।
অনুৰাগীসকলে ছবিখন চাবলৈ ছবিগৃহত যথেষ্ট ভিৰ কৰা দেখা পোৱা গৈছে।
বলীউডৰ বহুতো চেলিব্ৰেটিয়েও ছবিখনৰ প্ৰশংসা কৰিছে আৰু দৰ্শকসকলক আগবাঢ়ি গৈ কাশ্মীৰ ফাইলছৰ দৰ্শক হবলৈ উৎসাহিত কৰিছে।

শেহতীয়াকৈ আমিৰ খানেও ছবিখনৰ যথেষ্ট প্ৰশংসা কৰি নিজৰ মন্তব্য আগবঢ়াইছে ।
আমিৰে শেহতীয়াকৈ এক সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত কৈছিল যে প্ৰতিজন ভাৰতীয়ই কাশ্মীৰ ফাইল চাব লাগে।
আমিৰ খান আৰু আলিয়া ভাটে দেওবাৰে দিল্লীত এখন সংবাদমেলত অংশগ্ৰহণ কৰা সময়ত, আমিৰক কাশ্মীৰ ফাইলৰ ওপৰত তেওঁৰ মতামতৰ বিষয়ে সোধা হৈছিল।
সংবাদ মাধ্যমক সম্বোধন কৰি আমিৰে কয় যে কাহিনীটো আমাৰ ইতিহাসৰ এটা অংশ আৰু কাশ্মীৰী পণ্ডিতসকলৰ সৈতে যি ঘটিছিল সেয়া সঁচাকৈয়ে দুখজনক আছিল। এনে বিষয়ৰ যিকোনো চলচ্চিত্ৰ সকলো ভাৰতীয়ই চাব লাগে।
Amir Khan wants every indian to watch #TheKashmiriFiles
— Eminent Woke (@WokePandemic) March 20, 2022
Comments please
Why do you know think he said so pic.twitter.com/H9wcKha1lk
তেওঁ আৰু মন্তব্য আগবঢ়াই কয় যে এই ছবিখনে মানৱতাত বিশ্বাস কৰা সকলো লোকৰ আৱেগ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে আৰু সেইটোৱেই আটাইতকৈ ধুনীয়া কথা।”,
আমিৰে কয়, “মই নিশ্চিতভাৱে চিনেমাখন চাম আৰু ছবিখন সফল হোৱা দেখি মই সুখী।“
লগতে চাওকঃ
দ্য কাশ্মীৰ ফাইলছক লৈ অভিনেতা আদিল হুছেইনৰ টুইট! উত্তাল ছ’চিয়েল মিডিয়া
