প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক…

নতুন বছৰটোত ৰাজ্যত অপৰাধজনিত ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে আজি মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক।

আজি প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকৰে মিলিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

আজিৰে পৰা দুদিনীয়াকৈ দুলীয়াজানত অনুষ্ঠিত হ’ব SP CONFERENCE।

ইয়াত সন্মিলনত অংশ ল’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকসকল।

ইতিমধ্যে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈছেগৈ দুলীয়াজানত।

ইয়াৰ পূৰ্বেও ৰাজ্যৰ OC সকলৰ সৈতে বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

কলাক্ষেত্ৰত অনুষ্ঠিত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে, আৰক্ষীয়ে চুৰি-ডকাইতি কৰায়ত্তৰ সমানে সমানে সামাজিক দায়িত্ববোধ তথা সমাজৰ আন আন কামতো সক্ৰিয়ভাবে অংশগ্ৰহণৰ পোষকতা কৰিছে।

অসমত দুৰ্নীতি, বেয়া কাম কৰাৰ কাৰো সাহস নাই, ডুপ্লিকেট কাগজ উলিয়াই চাকৰি ললেও আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিব বুলি ১ জানুৱাৰীত সকীয়নি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আজিৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে।

Leave a Comment