প্ৰতিখন চহৰতে জন্ম হ’ব শ্ৰদ্ধা হত্যাকাৰী আফতাবৰ! কিয় ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

‘প্ৰতিখন চহৰতে জন্ম হ’ব শ্ৰদ্ধা হত্যাকাৰী আফতাবৰ’।

গুজৰাটৰ এখন সভাৰ ভাষণত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

দেশ কঁপোৱা শ্ৰদ্ধা হত্যাকণ্ডৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- যদি দেশত শক্তিশালী নেতা নাথাকে তেন্তে আফতাবৰ দৰে হত্যাকাৰী আমাৰ প্ৰতিখন চহৰৰ পৰাই ওলাব।

মুখ্যমন্ত্ৰী শৰ্মাই কয়- আজি যদি দেশত এজন শক্তিশালী নেতা নাথাকে,  জাতিক মাতৃ হিচাপে গণ্য কৰা আৰু সন্মান কৰা নেতা নাথাকে,  তেন্তে প্ৰতিখন চহৰতে এনে আফতাব জন্ম হ’ব আৰু আমি আমাৰ সমাজখনক ৰক্ষা কৰিব নোৱাৰিম।

গতিকে, ২০২৪ চনত তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোডীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াটো অতি প্ৰয়োজনীয়- হিমন্ত বিশ্ব শৰ্মা।

আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।