
নিউজ ডেস্ক। প্ৰখ্যাত স্ত্ৰীৰােগ বিশেষজ্ঞ, ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ স্ত্ৰী ৰােগ বিভাগৰ অধ্যাপক ডাঃ অৰুণ পাল চৌধুৰীৰ দেহাৱসান।
নিশা প্ৰায় ১.৪২ বজাত কলকাতাৰ টাটা কৰ্কট চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে।
জানিব পৰা মতে, যােৱা বছৰৰ আগষ্ট মাহত তেওঁ হাঁওফাঁওৰ কৰ্কট ৰোগ চিনাক্ত হােৱাৰ পিছৰে পৰা তেওঁ চিকিৎসাধীন হৈ আছিল।

শেহতীয়াকৈ ডাঃ অৰুণ পল চৌধুৰীক ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত স্ত্ৰীৰোগ বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।
যােৱা মাহত তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি হােৱাত তেওঁক বিমানেৰে কলকাতালৈ লৈ যোৱা হয় যদিও নিশা শেষ নিস্বাস ত্যাগ কৰে।