ৰাষ্ট্ৰীয়
প্ৰখ্যাত গজল গায়ক ভূপিন্দৰ সিঙৰ দেহাৱসান…

প্ৰখ্যাত গজল গায়ক ভূপিন্দৰ সিঙৰ দেহাৱসান।
মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮২ বছৰ।
১৮ জুলাইৰ সন্ধিয়া মুম্বাইৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে প্ৰখ্যাত গায়কগৰাকীয়ে।
বিগত ১০ টা দিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ভূপিন্দৰ সিং।
মলাশয়ৰ কৰ্কট ৰোগ , কোভিড-১৯ আৰু হৃদ ৰোগ সম্পৰ্কীয় জটিলতাৰ বাবেই মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ চিকিৎসকৰ।
শেহতীয়াকৈ শিল্পীগৰাকী দেহত কভিড-১৯ উপস্থিতি ধৰা পৰিছিল।
ভূপিন্দৰ সিঙক ‘দো দিৱানে শ্বেহাৰ মে’, ‘এক আকেলা ইজ শ্বেহাৰ মে’, ‘থোৰি চি জমিন থোৰা আছমান’, ‘দুনিয়া চুটে য়াৰ না চুটে’ আৰু ‘কৰোগে য়াদ তো’ আদি গীতৰ বাবে জনা যায়।