
নিউজ ডেস্ক। পোহনীয়া চৰাই ‘মিঠু’ৰ বাবেই ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা জীৱন ৰক্ষা পৰিল স্বামী-স্ত্ৰীৰ।
নিশা নিদ্ৰাৰত অৱস্থাত দুৰ্বৃত্তই কৰা অগ্নিসংযোগৰ পিছত ‘মিঠু’ৱে জোৰেৰে চিঞৰিবলৈ আৰম্ভ কৰাত টোপনি ভাগে দম্পতীৰ।
তাৰ পিছতে ঘৰত জুই লগা প্ৰত্যক্ষ কৰে কোনোমতে ঘৰৰ পৰা বাহিৰলৈ দৌৰি ওলাই আহিবলৈ সক্ষম হয় তেওঁলোকে।

এই ঘটনা সংঘটিত হৈছে কলকাতাৰ আনন্দপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চৌবাগাৰ শ্যামবাদল পাৰাত।
এটা পোহনীয়া চৰাইয়ে গৃহস্থ দম্পতীৰ প্ৰাণ ৰক্ষা কৰাৰ কাহিনীয়ে এতিয়া আচৰিত কৰিছে সকলোকে। সামাজিক মাধ্যমতো এই ঘটনাই লাভ কৰিছে চৰ্চা।
দৰাচলতে এই সমগ্ৰ কাণ্ডৰ আৰম্ভণি ঘটিছিল বৃহস্পতিবাৰে পুৱা।
মূলতঃ, অঞ্চলটোত বিল্লা চৰ্দাৰ আৰু লাট্টু-টুটুনৰ পৰিয়ালৰ মাজত দীৰ্ঘ দিনধৰি বিবাদ চলি আহিছে।
পেছাত এজন মিস্ত্ৰী সুজয় মণ্ডল ওৰফে ভাদাই বৃহস্পতিবাৰে তেওঁলোকৰ এই বিবাদৰ সমাধান কৰিবলৈ গৈছিল।

ইয়াৰ পিছতে পৰিয়াল দুটাই সুজয়ৰ বাসগৃহত অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে।
সুজয় মণ্ডলে জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে নিশা তেওঁ আৰু তেওঁৰ পত্নী জ্যোৎস্না মণ্ডল শুই থকা সময়ত তেওঁলোকৰ পোহনীয়া চৰাই ‘মিঠু’ৱে জোৰ জোৰকৈ চিঞৰিবলৈ আৰম্ভ কৰে।
চৰাইটোৰ মাত শুনি পতি-পত্নী দুয়োৰে টোপনি ভাগে। আৰু তাৰ পিছতে ঘৰত জুই লগা প্ৰত্যক্ষ কৰে।
ইয়াৰ পিছতে সুজয় মণ্ডল আৰু তেওঁৰ পত্নীয়ে কোনোমতে জুইৰ পৰা নিজকে ৰক্ষা কৰি ঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়।
অগ্নিকাণ্ড সন্দৰ্ভত সুজয় মণ্ডলে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ৫ জনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।
লগতে চাওকঃ
শ্বহীদ জোৱানৰ একমাত্ৰ কন্যাৰ বিয়াৰ সমস্ত দায়িত্ব পালন কৰিলে সতীৰ্থ সেনা জােৱানে…
