অসম

প্ৰকৃতিয়ে ধ্বংসলীলা চলোৱা মণিপুৰত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা…

মণিপুৰৰ ন’নে জিলাত বুধবাৰে নিশা সংঘটিত হোৱা ভয়াৱহ ভূমিস্খসলনত মুঠ ৮১ জন লোক মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।

মণিপুৰক ভাৰতীয় ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰিবলৈ ন’নে জিলাত চলি থকা ৰে’ল লাই নিৰ্মাণৰ কামত ব্যস্ত থকা শ্ৰমিক আৰু ইয়াৰ সুৰক্ষাত নিয়োজিত হৈ থকা টেৰিটৰিয়েল আৰ্মি, ৰে’লৱৰ বিষয়া এই ভূমিস্খলনৰ ঘটনাত মৃত্যু মুখত পৰিছে।

মণিপুৰৰ জিৰিবাম-ইম্ফল সংযোগী ৰে’ল প্ৰকল্পত সংঘটিত হোৱা এই ঘটনাত এটা পাহাৰৰ খহি টেৰিটৰিয়েল আৰ্মি, শ্ৰমিক শিবিৰ আৰু ৰে’লৱে ৰেষ্ট হাউচ পুতি পেলোৱাৰ ফলত মুঠ ৮১ জন লোক মৃত্যু হোৱাৰ আশংকা কৰা হৈছে যদিও বৰ্তমানলৈকে মাত্ৰ ২০ জনৰ মৃতদেহহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

এতিয়াও মাটিৰ তলত ৫৫ গৰাকী লোক আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। ইয়াৰ ভিতৰত আছে অসমৰো বহু শ্ৰমিক।

ইয়াৰ মাজতে মণিপুৰত উপস্থিত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে মণিপুৰত উপস্থিত হৈছেগৈ মন্ত্ৰীগৰাকী।

ন’নে জিলাত সংঘটিত হোৱা ভূমিস্খনলত আৱদ্ধ হৈ আছে অসমৰ ২৩ জনকৈ শ্ৰমিক। ২৩ জন আৱদ্ধ লোকৰ ৫ জনক উদ্ধাৰ কৰাৰ লগতে ১৬ জন সন্ধানহীন হৈ আছে।

বৰ্তমনালৈকে উদ্ধাৰ কৰা ৫ জনৰ ভিতৰত এজনৰ মৃত্যু হৈছে।

আনহাতে বজালীৰ এগৰাকী টেৰিটৰিয়েল আৰ্মিৰ জোৱানো এই ঘটনাত মৃত্যু হৈছে।

Related Articles

Back to top button